গোসাইগাঁও মহকুমাৰ তেলিপাৰাস্হিত আঞ্চলিক কৃষি গবেষণা কেন্দ্ৰৰ সভাকক্ষত আজি তৃনমূল কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যৰে এখন কৰ্মী সভা অনুষ্ঠিত হয়।কৰ্মী সভাত তৃনমূল কংগ্ৰেছ দলৰ বিভিন্ন দিশৰ ওপৰত পৰ্যালোচনা অনুষ্ঠিত হয়।কৰ্মী সভাৰ অন্তত তৃনমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই সংবাদ মাধ্যমৰ আগত কয় যে বিটিচিৰ পাঁচখন জিলা সাঙুৰিলৈ এখন তৃনমূল কংগ্ৰেছৰ এখন আহ্বয়াক কমিটি গঠন কৰা হব।উক্ত কমিটিৰ মুখ্য আহ্বয়াক হিচাপে লাইফুং নাৰ্জাৰীক দায়িত্ব অৰ্পণ কৰা হব বুলি সভাপতিগৰাকীয়ে প্ৰকাশ কৰি তেওঁ আৰু কয় যে তৃনমূল কংগ্ৰেছেই দলেই বিজেপি দলক প্ৰত্যাহ্বান জনাব পৰা এটা দল হিচাপে পৰিগণিত হৈ আছে। গতিকে বিজেপিক প্ৰতিহত কৰাৰ বাবে সকলো বিজেপি বিৰোধী দলক একৃতিত্ব হবলৈ আহ্বান জনায়।
তেখেতে আৰু কয় যে তৃনমূল কংগ্ৰেছে এআইএউডিএফ দলৰ লগত কেতিয়াও মিত্ৰতা নকৰে বুলি ষ্পষ্ট কৰি দিয়ে।কাৰণ এআইএউডিএফ দল বিজেপিৰ বি টীম হিচাপে কাম কৰে।বিজেপি দলে এআইএউডিএফ দলক ব্যবহাৰ কৰে।

