ত্ৰিপুৰাক হৰুৱাই অনূৰ্ধ্ব-১৫ ছোৱালীৰ নৰ্থ ইষ্ট ৰাইজিং কাপ ক্ৰিকেটত অসম চেম্পিয়ন । Tripura

Tripura । উত্তৰ গুৱাহাটীৰ ফুলুংস্থিত এচিএ ক্ৰিকেট একাডেমী খেলপথাৰত অনুষ্ঠিত নৰ্থ ইষ্ট ৰাইজিং কাপ অনূৰ্ধ্ব-১৫ ছোৱালী ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেলত অসমে ত্ৰিপুৰাক ৯ উইকেটৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।

টছত জয়ী হৈ প্ৰথমে বেটিং কৰা ত্ৰিপুৰাই নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেট হেৰুৱাই ৭৭ ৰান কৰে। ত্ৰিপুৰাৰ বাবে অনুষ্কা শীলে ১৭ আৰু এঞ্জেল পালে ১৫ ৰানৰ অৱদান দিয়ে। অসমৰ হৈ বলিঙত ভাৰতী হাছানে ১৩ ৰানৰ বিনিময়ত ৩ উইকেট আৰু বৈভৱী দাসে ১৭ ৰান দি ২ উইকেট লাভ কৰি ত্ৰিপুৰাৰ স্ক’ৰ নিয়ন্ত্ৰণত ৰাখে।

উত্তৰ হিচাপে অসমে কেৱল ১১.৩ অভাৰতে এটা মাত্ৰ উইকেট হেৰুৱাই ৭৮ ৰান সংগ্ৰহ কৰি সহজে লক্ষ্য অৰ্জন কৰে। ডলী কাৰ্ডং ৩১ ৰানত অপৰাজিত থাকিলেও স্বস্তি বিশ্বকৰ্মাই ১৯ ৰানৰ অৱদান দিয়ে।

খেল শেষ হোৱাৰ পিছত অনুষ্ঠিত সামৰণি অনুষ্ঠানত বি.চি.চি.আই. এপেক্স কাউন্সিলৰ সদস্য মামন মজুমদাৰ, অসম ক্ৰিকেট সন্থাৰ সম্পাদক ত্ৰিদিব কোঁৱৰ, প্ৰতিযোগিতা সঞ্চালক ৰমেন দত্ত, এ.চি.এৰ উপ-সভাপতি ৰাজদীপ ওজা, যুটীয়া সম্পাদক ৰাজেন্দ্ৰ সিং, কোষাধ্যক্ষ চিৰঞ্জিত লাংথাছাৰ লগতে মেঘালয়, ত্ৰিপুৰা, মণিপুৰ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম আৰু ছিকিম ক্ৰিকেট সন্থাৰ প্ৰতিনিধিসকলেও উপস্থিত থাকে।

বি.চি.চি.আই.ৰ সম্পাদক দেৱজিত শইকীয়াৰ অনুপ্ৰেৰণাত এনে এখন প্ৰতিযোগিতা আয়োজন হোৱাৰ বাবে সদস্য মামন মজুমদাৰে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে অসম ক্ৰিকেট সন্থাৰ সক্ৰিয় ভুমিকা আৰু সহায়-সহযোগিতাকো প্ৰশংসা কৰে। তেওঁ কয়, “এই ধৰণৰ প্ৰতিযোগিতাই অঞ্চলটোৰ উঠি অহা প্ৰতিভাসমূহক সঠিক দিশ প্ৰদান কৰাৰ লগতে নিজকে মেলি ধৰাৰ এটা দৃঢ় মঞ্চ প্ৰদান কৰে।”

অসম ক্ৰিকেট সন্থাৰ সম্পাদক ত্ৰিদিব কোঁৱৰে প্ৰতিযোগিতাখনক সফল কৰি তোলাত সহায় কৰা সকলো দল আৰু কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰি কয়, “এইসকল উঠি অহা খেলুৱৈয়ে অঞ্চলটোৰ ক্ৰিকেটৰ ভৱিষ্যত গঢ়ি তুলিব।”

বিভিন্ন শাখাত বঁটা বিজয়ীসকল:

  • ফাইনেল খেলৰ শ্ৰেষ্ঠ খেলুৱৈ: ভাৰতী হাছান (অসম)
  • প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বেটাৰ: অনুষ্কা শীল (ত্ৰিপুৰা)
  • শ্ৰেষ্ঠ বলাৰ: সিনহায়ানা পাঠক (অসম)
  • শ্ৰেষ্ঠ খেলুৱৈ (টুৰ্ণামেণ্টৰ): অনুষ্কা শীল (ত্ৰিপুৰা)

Related Articles