শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ গাঞ্জা সহ ট্ৰাক জব্দ

গোসাইগাঁও: শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ গাঞ্জা সহ ট্ৰাক জব্দ । চালক সহ দুজনক আটক । আজি পুৱতি নিশা শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় কুমাৰ ৰায়ৰ নেতৃত্বত শ্ৰীৰামপুৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত NL 06 A 4438 নম্বৰ ট্ৰাকত তালাচী চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ গাঞ্জা।

ট্ৰাকখন অসমৰ গুৱাহাটী পৰা পশ্চিম বংগৰ বিহাৰ অভিমুখে গৈ আছিল।ট্ৰাক খনত ৩৭ পেকেট গাঞ্জা আছিল। পেকেট খিনিৰ পৰা ৪ কুইণ্টল ৪৭ কিলোগ্ৰাম গাঞ্জ উদ্ধাৰ কৰা হৈছে। ট্ৰাক খনৰ চালক ৰামবাবু ৰায় (৩২)আৰু সহ পৰিচালক দীপক ৰায়ক(২৭) আটক কৰা হৈছে।দুয়োৰে ঘৰ বিহাৰৰ সমস্তিপুৰত।জব্দকৃত গাঞ্জাখিনিৰ মূল্য ৫০ লাখ টকা হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

প্ৰেৰক গোসাইগাঁওৰ পৰা আজিজুল হক

Related Articles