শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ গাঞ্জা সহ ট্ৰাক জব্দ

গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি ৰাতি পুৱা ৫টা মান বজাত শিমুলটাপুৰ আৰক্ষীয়ে অভিযান চলাই ৫১ পেকেট গাঞ্জা সহ NL-0N 4149 নম্বৰৰ এখন ট্ৰাক জব্দ কৰে। উল্লেখ্য যে শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পল লালহিমছিংগ এক গোপন সূত্ৰৰ ভিত্তিত শ্ৰীৰামপুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই ৫১ পেকেট গাঞ্জা সহ ট্ৰাকখনক জব্দ কৰে লগতে ট্ৰাকখনৰ চালক মোছলেম উদ্দিন (২৭) আৰু হেণ্ডিমেন ৰুবুল আলী (২৫)ক আটক কৰে৷দুয়োৰে ঘৰ হাইলাকান্দত বুলি জানিব পৰা গৈছে ৷গাঞ্জাভৰ্তি ট্ৰাকখন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই থাকোঁতে আৰক্ষীৰ সন্দেহ হোৱাত গাড়ীখন তালাচী চলোৱাত গাঞ্জা ওলোৱাত গাঞ্জাভৰ্তি ট্ৰাকখন শিমুলটাপু আৰক্ষী চকীলৈ আনে।গাঞ্জাখিনি ওজন কৰাত ৫ কুইন্টল ৭২ কেজি গাঞ্জা উদ্ধাৰ কৰা হয়।গাঞ্জাখিনিৰ মূল্য প্ৰায় 50 লক্ষাধিক টকা হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

Related Articles