Trump announces 25% tariff: ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ ‘বন্ধু’ ট্ৰাম্পৰ

ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক (Trump announces 25% tariff) আৰোপ কৰিলে ড’নাল্ড ট্ৰাম্পে৷ ছ’চিয়েল মিডিয়াত তেওঁ কয় যে বন্ধু হ’লেও ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰা হৈছে৷ এই নতুন শুল্কৰ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে স্পষ্ট কৰি দিলে যে ভাৰতে ৰাছিয়াৰ পৰা বহু তেল আৰু অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰে৷ সেই বাবেই ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা হৈছিল৷ বুধবাৰে ট্ৰুথ ছ’চিয়েলত ট্ৰাম্পে লিখিছে, ‘আপুনি মনত ৰাখিব লাগিব যে ভাৰত আমাৰ বন্ধু হ’লেও আমাৰ দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য অতি কম৷ কাৰণ তেওঁলোকৰ শুল্কৰ হাৰ অতি বেছি৷

তদুপৰি তেওঁলোকে নিজৰ অস্ত্ৰ-শস্ত্ৰ বহুত ৰাছিয়াৰ পৰা কিনে৷ ৰাছিয়াৰ শক্তি সম্পদৰ সৰ্বাধিক ক্ৰেতা ভাৰত আৰু চীন৷ বিশেষকৈ যি সময়ত সকলোৱে কৈছে যে ৰাছিয়াই ইউক্ৰেইনত গণহত্যা বন্ধ কৰিব লাগে৷ গতিকে ভাৰতে এইবাৰ ২৫ শতাংশ শুল্ক দিব৷ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতেও শাস্তিৰ সন্মুখীন হ’ব লাগিব৷ ১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব এই নতুন শুল্ক৷’ মন কৰিবলগীয়া যে আমেৰিকাই বাণিজ্যিক চুক্তি সম্পাদন কৰিবলৈ ৰ আগষ্টৰ সময়সীমা দিছিল৷ কিন্তু বিভিন্ন জটিলতাৰ বাবে ভাৰতে এতিয়াও আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰা নাই৷ এই পৰিস্থিতিত ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰা হ’ব নেকি বুলি সোধাত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, ‘হয়, হ’ব পাৰে৷’ একে সময়তে ট্ৰাম্পে কয়, ‘ভাৰত আমাৰ ভাল বন্ধু৷ অৱশ্যে ভাৰতে আন যিকোনো দেশতকৈ অধিক শুল্ক আৰোপ কৰিছে৷

এয়া চলি থাকিব নোৱাৰে৷ আমেৰিকাই ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপ কৰিব৷’ এই সতৰ্কবাণী দিয়াৰ ২৪ ঘণ্টাৰ ভিতৰতে ভাৰতৰ ওপৰত শুল্ক বোমা নিক্ষেপ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে৷ তেওঁ লগতে কয় যে ভাৰতে ৰাছিয়াৰ পৰা সস্তীয়া তেল ক্ৰয় কৰাৰ বাবে এই অতিৰিক্ত শুল্ক ‘শাস্তি’ হিচাপে বিবেচনা কৰিব লাগিব৷ শুনা গৈছিল যে ২৫ আগষ্টত আমেৰিকাৰ প্ৰতিনিধি ভাৰতলৈ আহি আছে বাণিজ্যিক চুক্তি সম্পাদন কৰিবলৈ৷ দিল্লীৰ দূতসকলেও শেহতীয়াকৈ ৱাশ্বিংটন ভ্ৰমণ কৰিছিল৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজেই কয় যে ভাৰতৰ সৈতে চুক্তি হৈছে, অৰ্থাৎ ই প্ৰায় চূড়ান্ত হৈছে৷ কিন্তু ট্ৰাম্পৰ ঘোষণাৰ পিছত আমেৰিকাই প্ৰকৃততে ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিবনে তাকে লৈ সন্দেহৰ সৃষ্টি হৈছে৷

Related Articles