Trump tariff: ভাৰতৰ সৈতে হোৱা সকলো বাণিজ্যিক আলোচনা বাতিল ট্ৰাম্পৰ

ট্ৰাম্পৰ নতুন বোমা, বাণিজ্যিক (Trump tariff) চুক্তিৰ বাবে ভাৰতে এতিয়ালৈকে আমেৰিকাৰ সৈতে পাঁচটা ৰাউণ্ডৰ আলোচনাত মিলিত হৈছে৷ চলিত মাহৰ শেষৰ ফালে দুয়োখন দেশৰ মাজত ষষ্ঠ ৰাউণ্ডৰ আলোচনা অনুষ্ঠিত হোৱাৰ কথা৷ তাৰ আগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজেই বৈঠকত চেঁচাপানী ঢালিলে৷ তেওঁ স্পষ্ট কৰি দিছে যে ভাৰত-আমেৰিকা শুল্ক সমস্যা সমাধান নোহোৱালৈকে ভাৰতৰ সৈতে কোনো বাণিজ্যিক আলোচনা নহ’ব৷ ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাত ক্ষুব্ধ হৈ পৰিছে ৰাষ্ট্ৰপতি ট্ৰাম্প৷ তেওঁ ‘বন্ধু’ মোদীৰ দেশকো ৰেহাই দিয়া নাছিল৷ ইতিমধ্যে আমেৰিকাই ভাৰতৰ ওপৰত মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰিছে৷

যাৰ বাবে ভাৰত-আমেৰিকাৰ বাণিজ্যিক উত্তেজনা তুংগত আছে৷ এনে পৰিস্থিতিত ট্ৰাম্পে ভাৰতৰ সৈতে বাণিজ্যিক আলোচনা বাতিল কৰিছে৷ ফলত আমেৰিকা-ভাৰতৰ বাণিজ্যিক উত্তেজনা দুটা দশকৰো অধিক সময়ৰ ভিতৰত সৰ্বনিম্ন স্তৰত উপনীত হৈছে৷ অতিৰিক্ত শুল্ক আৰোপ কৰাৰ পিছত তেওঁ ভাৰতৰ সৈতে অধিক বাণিজ্যিক আলোচনা কৰিবনে? হোৱাইট হাউছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয় যে এই কথা সমাধান নোহোৱালৈকে কোনো বাণিজ্যিক আলোচনা নহ’ব৷ ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিছিল যে ৰাছিয়াৰ সৈতে ব্যৱসায় কৰা দেশসমূহৰ ওপৰত ‘গৌণ নিষেধাজ্ঞা’ অৰ্থাৎ অতিৰিক্ত বাধা আৰোপ কৰা হ’ব৷ ইয়াৰ পিছত আমেৰিকা প্ৰশাসনে ভাৰতীয় সামগ্ৰীৰ আমদানিৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰে৷ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই পদক্ষেপৰ পিছত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ দক্ষিণ ব্লকে আমেৰিকাৰ এই সিদ্ধান্তক ‘অযুক্তিকৰ, অন্যায় আৰু অসামঞ্জস্যপূৰ্ণ’ বুলি অভিহিত কৰিছে৷ দ্বৈততাৰ অভিযোগ উত্থাপন কৰি ভাৰতে কয় যে চীন আৰু তুৰস্কেও ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছে৷ অৱশ্যে আমেৰিকাই কেৱল ভাৰতক লক্ষ্য কৰি লৈছিল৷

ভাৰতৰ তেল আমদানি মূলতঃ বজাৰৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা হয় আৰু ভাৰতে কয় যে ৰ.চ্ছ্ৰ বিলিয়নতকৈ অধিক লোকৰ শক্তি সুৰক্ষা নিশ্চিত কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ভাৰতে কেতিয়াও কৃষক, মাছমৰীয়া আৰু দুগ্ধ পালকৰ স্বাৰ্থৰ সৈতে আপোচ নকৰে৷ মই জানো ইয়াৰ বাবে আমি গধুৰ মূল্য দিব লাগিব৷ ইয়াৰ বাবে ব্যক্তিগতভাৱে মূল্য দিবলগীয়া হ’লেও মই পিছুৱাই নাযাওঁ৷’ আমেৰিকাৰ বিষয়াসকলে জনোৱা মতে, প্ৰাৰম্ভিক ২৫ শতাংশ শুল্ক জ্জ আগষ্টৰ পৰা কাৰ্যকৰী হৈছিল৷ ২১ দিনৰ ভিতৰত এই অতিৰিক্ত শুল্ক কাৰ্যকৰী হ’ব আৰু আমেৰিকাৰ বন্দৰত প্ৰৱেশ কৰা সকলো ভাৰতীয় সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব৷ অৱশ্যে ট্ৰেনজিট সামগ্ৰী আৰু কিছুমান ৰেহাইপ্ৰাপ্ত শিতান ইতিমধ্যে ৰেহাই দিয়া হ’ব৷

Related Articles