হোৱাইট হাউছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত অনুষ্ঠিত হোৱা বৈঠক বিতৰ্কলৈ পৰিণত হয়। ট্ৰাম্পে জেলেনস্কিক তৃতীয় বিশ্বযুদ্ধৰ বাবে উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰে। (Trump-Zelensky)এই ঘটনাৰ পিছতে আমেৰিকা-ইউক্ৰেইনৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন হৈছে। কিন্তু এই সকলোবোৰৰ মাজতে জেলেনস্কিয়ে যোৱাৰ পূৰ্বে টুইট কৰিছিল য’ত তেওঁ ধন্যবাদ জনাইছিল আমেৰিকাক কিন্তু স্পষ্ট কৰি দিছিল যে তেওঁ এই মুহূৰ্তত প্ৰণাম কৰিবলৈ যোৱা নাই।
হোৱাইট হাউছত ৰুছ-ইউক্ৰেইনৰ যুদ্ধ অৱসানক লৈ এই বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত তীব্ৰ বাক-বিতণ্ডা হয়। জেলেনস্কিক যুদ্ধ অৱসানৰ পৰামৰ্শ দিছিল ড’নাল্ড ট্ৰাম্পে। ইয়াৰ পাছতে দুয়োৰে মাজত তীব্ৰ বাকযুদ্ধ হয়।(Trump-Zelensky)
ট্ৰাম্পে জেলেনস্কিক কয় যে আমেৰিকাৰ সমৰ্থন অবিহনে তেওঁৰ হাতত কোনো কাৰ্ড নাই। আনহাতে তেওঁ আমেৰিকাৰ লগত থাকিলেহে দৰদাম কৰিব পৰা অৱস্থাত আছে। ট্ৰাম্প প্ৰশাসনে ইউক্ৰেইনৰ প্ৰাকৃতিক সম্পদৰ সুবিধা আমেৰিকাৰ সুবিধা নিশ্চিত কৰাৰ বাবে চুক্তিত উপনীত হ’ব বিচাৰিছিল যদিও তীব্ৰ বিতৰ্কৰ অন্তত এই চুক্তি বাতিল কৰা হয়। এই বিতৰ্কৰ পিছত দুয়োজন নেতাৰ যৌথ সংবাদমেলখনো বাতিল কৰা হয়।(US-Ukraine)
বৈঠকৰ পিছত জেলেনস্কিয়ে ছ’চিয়েল মিডিয়াত আমেৰিকাক ধন্যবাদ জনাই লিখিছে যে ইউক্ৰেইনক ন্যায়সংগত আৰু স্থায়ী শান্তিৰ প্ৰয়োজন আৰু আমি ইয়াৰ ওপৰত কাম কৰি আছো। অৱশ্যে ট্ৰাম্পৰ এই মন্তব্যৰ প্ৰতি তেওঁ পোনপটীয়াকৈ কোনো প্ৰত্যুত্তৰ নিদিলে। আনহাতে, হোৱাইট হাউছে কয় যে ট্ৰাম্প আৰু উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সে আমেৰিকাৰ স্বাৰ্থ ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু তেওঁলোকে আমেৰিকাক লাভৱান হোৱাটো বিচাৰে।
এতিয়া প্ৰশ্নটো হ’ল যে এই বিবাদে ইউক্ৰেইনলৈ আমেৰিকাৰ সাহায্যৰ ওপৰত প্ৰভাৱ পেলাব নেপেলাই। ট্ৰাম্পৰ স্থিতিৰ পৰা স্পষ্ট যে ইউক্ৰেইনে এতিয়ালৈকে লাভ কৰি অহা অৰ্থনৈতিক আৰু সামৰিক সাহায্য বন্ধ হৈ গৈছে। এনে পৰিস্থিতিত ভৱিষ্যতে আমেৰিকাৰ পৰা সমৰ্থন বজাই পোৱাটো জেলেনস্কিৰ বাবে এক প্ৰত্যাহ্বান হ’ব। এই সকলোবোৰৰ মাজতে বহু ইউৰোপীয় নেতাই জেলেনস্কিৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে। এই বৈঠক সন্দৰ্ভত এতিয়ালৈকে ৰাছিয়াৰ পৰা কোনো বিবৃতি প্ৰকাশ পোৱা নাই।