Breaking

ট্ৰাম্পৰ বৃহৎ জয়! ৰাষ্ট্ৰপতি হোৱাৰ যুঁজত আৰু এখোজ আগবাঢ়িছে ট্ৰাম্প…

0 14

ৰাষ্ট্ৰপতি হোৱাৰ যুঁজত আৰু এখোজ ল’লে ট্ৰাম্পে! বহু সমীক্ষাৰ পৰা ইংগিত পোৱা গৈছে যে ৰিপাব্লিকানসকলৰ ভিতৰত ট্ৰাম্পে দুই তৃতীয়াংশ ভোট লাভ কৰি ‘সৰ্বাধিক জনপ্ৰিয়’ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে আত্মপ্ৰকাশ কৰিবলৈ গৈ আছে। দ্বিতীয় বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ দিশত আন এক পদক্ষেপ গ্ৰহণ কৰিছে ডোনাল্ড ট্ৰাম্পে। মঙলবাৰে নিউ হামচায়াৰ ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাইমাৰীত তেওঁ জয়লাভ কৰে। আনহাতে, ৰাষ্ট্ৰপতি জো বাইডেনে একেখন আসনত ডেম’ক্ৰেট দলৰ হৈ জয়লাভ কৰে।


উল্লেখযোগ্য যে বহু সমীক্ষাই ইংগিত দিছে যে ট্ৰাম্পে দুই তৃতীয়াংশ ভোট লাভ কৰি ৰিপাব্লিকানসকলৰ মাজত ‘সৰ্বাধিক জনপ্ৰিয়’ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে। সেই ক্ষেত্ৰত হয়তো ট্ৰাম্পে চলিত বৰ্ষৰ শেষৰ ফালে ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী বাইডেনৰ বিৰুদ্ধে একাধিক গোচৰ আৰু অভিযোগৰ সৈতে মুখামুখি হ’ব।

Leave A Reply