ৰাষ্ট্রীয় যক্ষ্মা দুৰীকৰণ আঁচনিৰ অধীনত বিহালী যক্ষ্মা গোটৰ সৌজন্যত আজি যক্ষ্মা সজাগতা সভা অনুষ্ঠিত হয় !মহকুমা স্বাস্হ্য ওচিকিৎসা বিষয়া ডা.যোগেন চন্দ্র বে ৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাৰ আঁত ধৰে বিহালী খণ্ড প্রাথমিক স্বাস্হ্য কেন্দ্রৰ যক্ষ্মা গোটৰ জেষ্ঠ নিৰিক্ষক অভিজিত বৰুৱাই !বৰুৱাই যক্ষ্মা নির্মুলকৰণ আঁচনি চৰকাৰী ব্যৱস্হা আৰু জনসাধাৰণৰ সজাগতা সম্পর্কত অৱগত কৰে !এই সজাগতা সভাত মহকুমা স্বাস্হ্য ও চিকিৎসা বিষয়াই কয় যে দুসপ্তাহ ধৰি কাহ,ৰাতি ৰাতি জ্বৰ আৰু ঘাম ওলালে তক্ষণাত কফ পৰীক্ষা কৰিব লাগে বুলি কৈ যক্ষ্মা ৰোগৰ চিকিৎসা সম্পুর্ন বিনামুলীয়া হব বুলি কৈ বিহালীত বিহালী খণ্ড প্রাথমিক চিকিতসালয়,কেথলিক হস্পিতাল আৰু জিনজিয়া প্রাথমিক স্বাস্হ্য কেন্দ্রত বিনামুলীয়া কফ পৰীক্ষা আৰু চিকিৎসাৰ ব্যৱস্হা আছে বুলিও কয় ! এই সভাত বিহালী চাহ বাগিছাৰ জেষ্ঠ পৰিচালক মনোৰণ্জন তালুকদাৰে সকলো শ্রমিকক কোভিড ভেকচিন ৰ লগতে অন্যান্য বেমাৰৰ বাবে চাহবাগিছাই ব্যৱস্হা কৰি আহিছে আৰু এই ক্ষেত্রত সজাগতাৰো প্রয়োজন ! আনহাতে সাংবাদিক ভুবন লুইটেল আৰু খগেন মটকেও চাহ বাগিছাত হৈ থকা অন্ধ বিশ্বাস আৰু কুসংস্কাৰ সম্পর্কত প্রকাশ কৰে !সভাত বিহালী চাহ বাগিছাৰ চিকিৎসক ডা .অভিজিত শৰ্মা ,ফার্মাচীষ্ট শৰত শইকীয়া,অম্লান পুজাৰী সহ মাদাৰ ক্লাৱ,আশাকর্মী আদিয়ে অংশ গ্রহন কৰে !ভবিষ্যতে সকলোৰে সহযোগিতা কামনা কৰি শলাগৰ শৰাই আগবড়ায় শৰত শইকায়াই !

