Breaking

তুলসী বসুমতাৰীৰ স্মৰণিকা, সোঁৱৰণী গীত উন্মোচন

0 31

বিশিষ্ট সমাজকৰ্মী তুলসী বসুমতাৰীৰ আদ্যশ্ৰাদ্ধ উপলক্ষত বৃহস্পতিবাৰে তেওঁৰ স্মৃতিত এখন স্মৰণিকা প্ৰকাশ কৰি উন্মোচন কৰা হয়। সম্পাদনা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা পিতা ঈশ্বৰ নামৰ স্মৰণিকাখন উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক সানজাৰাং লক্ষেশ্বৰ ব্ৰহ্ম আৰু জহৌলাও নীলেশ্বৰ ব্ৰহ্ম বঁটা প্ৰাপক বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্মই।

স্মৰণিকা উন্মোচন কৰি তেওঁ কয়, ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত শিলিখাগুৰী গাঁৱৰ প্ৰতিষ্ঠাপক, বিশিষ্ট সমাজকৰ্মী তুলসী বসুমতাৰীয়ে জটিল ৰোগত আক্ৰান্ত হৈ যোৱা ৯ জুলাই,২০২৩ তাৰিখে স্বৰ্গগামী হয়। ১৯৩৬ চনত কামৰূপ জিলাৰ মুছলপুৰ অঞ্চলৰ হালাদোলা গাঁৱত জন্ম গ্ৰহণ কৰা তুলসী বসুমতাৰীয়ে উক্ত অঞ্চলতে অষ্টম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰিছিল। তুলসী বসুমতাৰীয়ে ১৯৬৫ চনত সহপৰিয়ালে কাৰ্বি আংলং জিলাৰ লাংহিন অঞ্চলত থিতাপি লোৱাৰ পাছত তাত আঠবছৰ কাল বসবাস কৰি ১৯৭৩ চনত তেতিয়াৰ অবিভক্ত লখিমপুৰ জিলাৰ চিমেন চাপৰিৰ চমকং সোনাপুৰ গাঁৱত থাকিবলৈ লয়। ইয়াৰ পাছতে ১৯৭৮ চনত জোনাই অঞ্চলৰ শিলিখাগুৰী গাঁও প্ৰতিষ্ঠা কৰে। জীৱিত কালত তেওঁ বড়ো সাহিত্য সভাৰ ধেমাজি জিলা সমিতিৰ সদস্য, ১৯৮১ চনত শিলিখাগুৰী বড়ো প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠাত অগ্ৰণী ভূমিকা পালন কৰি সভাপতিৰ দায়িত্বত অধিষ্ঠিত হৈছিল। ১৯৮২-৮৩ চনত ভৈয়াম জনজাতি পৰিষদ, অসম(পিটিচিএ)ৰ সক্ৰিয় নেতা, ১৯৯০-৯৫ চনত ৰাজাখানা গাঁও পঞ্চায়তৰ সভাপতি পদ অলংকৃত কৰা তুলসী বসুমতাৰীয়ে সংহত জনজাতি উন্নয়ন প্ৰকল্প, জোনাই, জনজাতি উন্নয়ন প্ৰাধীকৰণ,জোনাইৰ সদস্য হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। বড়োলেণ্ড লিবাৰেচন টাইগাৰ্ছ ফৰ্ছৰ নেতৃত্বত চলোৱা বড়োলেণ্ড আন্দোলনৰ সময়ত পুলিচৰ অত্যাচাৰ ভূগিব লগা হৈছিল তুলসী বসুমতাৰীয়ে। ইয়াৰোপৰি তেওঁ বিভিন্ন সামাজিক অনুষ্ঠানত জড়িত হৈ সমাজসেৱা কৰি গৈছে বুলি তুলসী বসুমতাৰীৰ জীৱন কৃৰ্তি আৰু কৰ্মৰাজিৰ ওপৰত দীঘলীয়া ভাষণ আগবঢ়ায়।

অনুষ্ঠানত এটি সোঁৱৰণী গীত উন্মোচন কৰে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ অনিল বসুমতাৰীয়ে। গীতৰ ৰচনা চিত্তৰঞ্জন বসুমতাৰী, সুৰ নিৰ্মল ব্ৰহ্ম আৰু কন্ঠদান কৰিছে অৰ্জুন আৰনাইয়ে।

স্মৰণিকা অনুষ্ঠানত বিকেডব্লিউএচিৰ উপাধ্যক্ষ সৃজৌন বসুমতাৰী, ইউবিপিঅৰ সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্ম, অধ্যক্ষ ঘনকান্ত মহেলা, উপাধ্যক্ষ জোনাৰাম ব্ৰহ্ম, উপ সভাপতি ললিত ব্ৰহ্ম, ৰঞ্জন বসুমতাৰী, বিকেডব্লিউএচিৰ কাৰ্য্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰী, বিনোদ বসুমতাৰী, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী, বিটিএডিৰ বাহিৰৰ প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি বিষ্টিৰাম নাৰ্জাৰী, বিটিএডিৰ বাহিৰৰ প্ৰাক্তন এনডিএফবি কল্যাণ পৰিষদৰ সভাপতি ধৰ্মেশ্বৰ বসুমতাৰী, ইউবিপিঅৰ সহকাৰী সাধাৰণ সম্পাদক অবিৰাম বড়ো, সাংস্কৃতিক সম্পাদক নিৰ্মল ব্ৰহ্ম, ইলা ব্ৰহ্ম, বাথৌ মহাসভাৰ যুৱ সমিতিৰ সাধাৰণ সম্পাদক ৰাজেশ বসুমতাৰী, জোনাই জিলা বড়ো সাহিত্য সভাৰ উপ সভাপতি মানিক বড়ো, ট্ৰাইবেল সংঘ, আছু, এজেৱাইচিপি, এবছু, বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব উপস্থিত থাকে।

উল্লেখযোগ্য যে তুলসী বসুমতাৰী ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, এবছুৰ অবিভক্ত লখিমপুৰ জিলাৰ প্ৰাক্তন সভাপতি বিজেন্দ্ৰ বসুমতাৰী, আছুৰ প্ৰাক্তন উপ সভাপতি চিত্তৰঞ্জন বসুমতাৰীৰ পিতৃ আছিল।


-শম্ভু দাস, চিলাপথাৰ

Leave A Reply