শীতকালত শৰীৰক আগুৰি ধৰে বহুতো ৰোগে। (Tulsi leaves) নিজকে সুস্থ কৰি ৰাখিবলৈ সদায় স্বাস্থ্যকৰ বস্তু খাব লাগে। বাহিৰৰ খাদ্য খাই ভাল পোৱাসকলৰ শৰীৰটো লাহে লাহে দুৰ্বল হ’বলৈ আৰম্ভ কৰে। তুলসীৰ পাত আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ঔষধি গুণৰ বাবে তুলসী সুপৰিচিত। যিকোনো প্ৰকাৰে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে বহু ৰোগৰ পৰা আঁতৰি থাকিব পাৰি। শীতকালত যদি আপুনি প্ৰতিদিনে ১ গিলাচ তুলসীৰ পাত উতলাই ইয়াৰ পানী পান কৰে তেন্তে আপুনি আচৰিত ধৰণৰ উপকাৰ লাভ কৰিব পাৰে।
তুলসীৰ পাতৰ পানী খালে কি কি উপকাৰ হয়?
১/ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে
শীতকালত দৈনিক তুলসীৰ পাতৰ পানী খালে প্ৰচণ্ড উপকাৰ পোৱা যায়। ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে আৰু বহু ৰোগ দূৰ কৰে।
২) চৰ্দি আৰু কাহৰ পৰা পৰিত্ৰাণ পাব
শীতকালত শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৱে চৰ্দি আৰু কাহত আক্ৰান্ত হয়। তুলসী পাতৰ পানী প্ৰতিদিনে পুৱা খালী পেটত খালে চৰ্দি নিয়ন্ত্ৰণত সহায়ক হয়।
৩/ ডিঙিৰ বিষ
শীতকালত ডিঙিৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ ইয়াৰ পানী উতলাই দৈনিক খাব পাৰে।
৪/ হজম শক্তি
যদি আপুনি দৈনিক তুলসীৰ পাতৰ পানী খায় তেন্তে আপোনাৰ বিপাকীয় ক্ৰিয়া উন্নত কৰি হজম শক্তি ভাল কৰি ৰাখিব পাৰে।

