Breaking

তুলসীবিল সমবায় সমিতিৰ নিৰ্বাচনঃ ৩৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্যবন্দী বেলট বাকচতঃ অংশীদাৰ ভোটাৰ ২৭২৪…

0 100

গোসাঁইগাঁও খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনস্থ তুলসীবিল সমবায় সমিতিৰ ২০২৩-২৪ বৰ্ষৰ বাবে তুলসীবিল সমবায় সমিতিৰ সঞ্চালক মণ্ডলীৰ সাধাৰণ নিৰ্বাচন আজি দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হয় ৷ তুলসীবিল সমবায় সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা নিৰ্বাচনত ১৫ টা সঞ্চালক পদৰ বাবে সৰ্বমুঠ ৩৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বীতা আগৱঢ়াইছে ৷ ইউ পি পি এল দলৰ পৰা ১৫ গৰাকী প্ৰাৰ্থী,আৰু বিজেপি দলৰ পৰা ৩ গৰাকী , আনহাতে বি পি এফ দলৰ পৰা প্ৰতিদ্বন্দ্বীতা আগৱঢ়াইছে ১৫ গৰাকী। ইফালে মফিদুল ইছলাম আহমেদ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বীতা আগৱঢ়াইছে।


উল্লেখনীয় বিষয় যে তুলসীবিল সমবায় সমিতিখনত ২৭২৪ অংশীদাৰ ভোটাৰ আছে ৷২৭২৪ গৰাকী অংশীদাৰ ভোটাৰে বেলট পেপাৰ জৰিয়তে ৩৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব অংশীদাৰ ভোটাৰে ৷কোন দলে শেষ হাঁহি মাৰে সেয়া অহা ৯ মে’ত ভোট গণনাৰ ফলাফলত প্ৰতিফলিত হ’ব ৷ প্ৰচণ্ড ৰ’দকো নেওচি সমবায় সমিতিৰ অংশীদাৰ সকলে শাৰীপাতি ভোট দিয়াৰ বাবে পৰিলক্ষিত হয় ৷

গোসাইগাঁৱৰ পৰা আজিজুল হকৰ প্ৰতিবেদন

Leave A Reply