Breaking

নগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুজন আটক

0 1,537

ড্ৰাগছৰ বিৰুদ্ধে নগাওঁ আৰক্ষীৰ পুনৰ বৃহৎ সফলতা।নগাওঁ হয়বৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কাটিমাৰিত আজি  নগাঁও হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৈলাশ নেৱাৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ নাৰকটিং স্কোৱাদ আৰু ৰাইডাৰ গ্ৰুপে এক গোপন সূত্ৰৰ পম খেদি বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।আৰক্ষীয়ে কাটিমাৰীৰ  পৰা বুজন পৰিমাণৰ ড্ৰাগছসহ এগৰাকী মহিলাৰ লগতে এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।উল্লেখযোগ্য যে স্বামী পত্নীয়ে মিলি দীৰ্ঘদিন ধৰি কৰি আহিছিল কাটিমাৰীত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। ধৃত দুই ড্ৰাগছৰ ব্যৱসায়ী হৈছে চফিকুল ইছলাম আৰু হাচিনা ইয়াছমিন বুলি জানিব পৰা গৈছে। জব্দ হোৱা ড্ৰাগছৰ মূল্য প্ৰায় ৯০,০০০ হাজাৰ টকা হব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

Leave A Reply