কুমাৰীকাটাত হাতী দাঁত সহ দুজনক আটক

তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তৰ  দৈমাবাৰীত  সীমান্ত সুৰক্ষা বল আৰু বন বিভাগৰ  লোকে অভিযান চলাই নিশা হাতীৰ দাঁতৰ এটি টুকুৰা জব্দ কৰাৰ লগতে  দুজন লোকক আটক কৰে। এক গোপন সূত্ৰৰ পমখেদি  ভূটান সীমান্তৰ কাউলিৰ বিহংগপুৰস্থিত এছ এছ বিৰ ২৪ নম্বৰ বাহিনী আৰু কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ বিষয়া কৰ্মচাৰীৰ সহযোগত সন্ধিয়া  দৈমাবাৰী গাঁওত অভিযান চলাই এটি হাতীৰ দাঁতৰ টুকুৰা জব্দ কৰাৰ লগতে মধুৰাম মূৰ্মূ  আৰু সুনীল মূৰ্মূ নামৰ দুই ভাতৃক আটক কৰে। পিছত এছ এছ বিয়ে আটাকাধীন দুই যুৱকক কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ত চমজাই দিয়ে।  আটকাধীন লোক দুজন হাতীৰ দাঁতটো ভূটান পাহাৰৰ দাতিত পোৱা বুলি  স্বীকাৰ কৰিছে যদিও তেওঁলোক হাতীৰ দাঁতৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহতবন বিভাগৰ লোকে আটকাধীন লোক দুজনক অধিক তথ্যৰ বাবে সোধা পোছা অব্যাহত ৰাখিছে।

Related Articles