ক’ভিড কেয়াৰ চেন্টাৰৰ পৰা দুজন আচামীৰ পলায়ন

পশ্চিম কাৰ্বি আংলং জিলাৰ টুম্প্ৰেঙস্থিত ক’ভিড কেয়াৰ চেন্টাৰৰ পৰা দুজন আচামী পলায়ন কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।শনিবাৰে নিশা চেন্টাৰটোৰ খিৰিকী ভাঙি পলায়ন কৰে আচামী দুজনে।পলায়ন কৰা আচামী দুজন ক্ৰমে বৰলংকি টিমুং আৰু জন ইংতি বুলি জানিব পৰা গৈছে।জিলাখনৰ বিভিন্ন প্ৰান্তত ভুৱা উগ্ৰপন্থী হৈ ধন দাবী কৰাৰ অপৰাধত বিগত ২৮ মে’ত দুয়োকে হামৰেণ আৰক্ষীয়ে উমৰাংছ’ৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।গ্ৰেপ্তাৰৰ পাছতেই ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে দুয়োকে টুম্প্ৰেঙস্থিত ক’ভিড কেয়াৰ চেন্টাৰত ভৰ্তি কৰোৱা হৈছিল।পলাতক আচামী দুজনক আটক কৰাৰ বাবে আৰক্ষীয়ে অভিযান চলাই আছে যদিও এই ক্ষেত্ৰত এতিয়ালৈকে সফলতা লাভ কৰা নাই বুলি জানিব পৰা গৈছে।

Related Articles