Breaking

মুকালমুৱাত গ্ৰেপ্তাৰ দুটা বেটাৰী চোৰ

0 2,032

মুকালমুৱা আৰক্ষীয়ে কালি নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুটাকৈ বেটাৰী চোৰক ৷ মুকালমুৱা আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক চম্পক মেধীৰ নেতৃত্বত এটা আৰক্ষীৰ দলে মুকালমুৱাৰ মেৰুৱাট্টাৰীত অভিযান চলাই গ্ৰেপ্তাৰ কৰে বেটাৰী চোৰ আফনুৰ আলী আৰু চোনা মিঞাক ৷

উল্লেখ্য যে ধৃত দুই চোৰসহ আৰু আন দুটা চোৰে দেওবাৰে নিশা মেৰুৱাট্টাৰীৰ বোৰিং মেচিনৰ এটাৰ পৰা চুৰি কৰিছিল বেটাৰী ৷ মেচিনৰ গৰাকীয়ে কালি দিনৰ ভাগত মুকালমুৱা আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ ৷ নিশা মুকালমুৱা থানাৰ সহকাৰী উপ পৰিদৰ্শক চম্পক মেধীয়ে তৎপৰতাৰে ঘটনাৰ অনুসন্ধান চলাই গ্ৰেপ্তাৰ কৰে ধৃত দুই চোৰক ৷

ইতিমধ্যে দুয়োটা চোৰে চুৰিকাৰ্যৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰিছে ৷ ইপিনে চুৰি কাৰ্যত জড়িত থকা আন দুটা চোৰ বৰ্তমানেও পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে ৷ মুকালমুৱা আৰক্ষী থানাত ৬৮/২১ নম্বৰ গোচৰত ভাৰতীয় দণ্ডবিধিৰ ৩৮০ ধাৰাত গ্ৰেপ্তাৰ কৰি আজি দুয়োটা চোৰকে নলবাৰী আদালতত হাজিৰ কৰোৱাত আদালতে দুয়োটাকে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে ৷

Leave A Reply