Breaking

কানি খাই থকা অৱস্তাত টিংৰাই বেতনি গাওঁত দুই ভূৱা সাংবাদিকক আটক ৷

0 2,070

ডিগবৈ থানা অন্তৰ্গত টিংৰাই সমীপৰ বেতনি গাৱঁত যোৱা কালি নিছাসক্ত অৱস্তাত দুই ভূৱা সাংবাদিকক হাতে-লুটে ধৰা পেলাই স্থানীয় ৰাইজে ৷ জানিব পৰামতে কিছু দিনৰ পূৰ্ৱে খোলা Tinsukia today 24×7 লাইভ নামৰ এটা ফেচবুক চেনেলত নিজকে কৰ্মৰত বুলি চিনাকি দিয়া চুমন কৰ (২৭) আৰু ৰকিব বাছফ্ৰ (২৯) নামৰ তিনিচুকীয়াৰ দুইযুৱকে এএছ-২৩-জি-৪৯৮৩ নম্বৰৰ এখন ৰঙা ৰঙৰ পালছাৰ বাইকৰ সন্মুখত প্ৰেছ লিখিলৈ গাওঁখনৰ এটা স্থানত কানি খাই থকা আৱস্তাত স্থানীয় সচেতন ৰাইজৰ ওচৰত ধৰা পৰে ৷ প্ৰথমে নিজকে সাংবাদিক বুলি পৰিচয় দিছিল যদিও পাছত নিজৰ দুখ স্বীকাৰ কৰে ৷ স্থানীয় যুৱক সকলে অধিক জানিব বিচৰাত এই দুই তথা-কথিত ভূৱা সাংবাদিকে বিগত বহু দিনৰে পৰা এই স্থানত কানি সেৱন কৰিবলৈ আহি থকা বুলি জানিবলৈ দিয়ে ৷ চুমন কৰ নামৰ যুৱকজনে ডিঙিত ভূৱা প্ৰেছ কাৰ্ড ওলমাই লৈ সৰ্তীথ ৰকিব বাছফ্ৰক লগত আনি এনেদৰে এই কানি সেৱন কামত জড়িত কৰোৱাৰ বাবে ভূৱা সাংবাদিক চুমন কৰক ৰাইজৰ আগত ৰকিব বাছফ্ৰৰ হতোৱাই অপদস্ত কৰোৱাই ৷ পাছত আঠু কাঢ়ি ভৱিৰ্ষ্যতে এনে কাম নকৰাৰ প্ৰতিশ্ৰুতি দিয়াত তথা-কথিত সাংবাদিক চুমন কৰ আৰু সৰ্তীথ ৰকিব বাছফ্ৰক স্থানীয় ৰাইজে ডিগবৈ আৰক্ষীক গতাই দিয়ে ৷ উল্লেখ যে এই বেতনি গাওঁত প্ৰায় কানি, ড্ৰাগছ আদি মাৰাত্মক সামগ্ৰী সেৱন কৰা অৱস্তাত বিগত সময়ত বহু যুৱক যুৱতি ধৰা পৰি আহিছে ৷ সেইয়ে স্থানীয় যুৱক সকলে এই ক্ষেত্ৰত সজাগ হৈ এই ৰাগিয়াল সামগ্ৰী সেৱন কৰা সকলৰ বিৰোধে অভিযানত নামি পৰা দেখা গৈছে ৷

Leave A Reply