মুকালমুৱাৰ কচুৱাত খেতি পথাৰত ট্ৰেক্টৰেৰে হাল বোৱাক কেন্দ্ৰ কৰি দুই ভাতৃৰ মাৰপিট। জ্যেষ্ঠ ভাতৃ বসন্ত মেধিক আক্ৰমণ কৰাৰ পিছত বিষাক্ত দ্ৰব্য সেৱন কৰি আত্মহত্যাৰ অপচেষ্টা চলাই কনিষ্ঠ ভাতৃ প্ৰণৱ মেধিয়ে।
বিষাক্ত দ্ৰব্য সেৱন কৰা প্ৰণৱ মেধিক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱাই। বৰ্তমান সংকটমুক্ত অৱস্থাত আছে প্ৰণৱ মেধি। আনহাতে প্ৰণৱ মেধিৰ আক্ৰমণত গুৰুতৰভাৱে আহত বসন্ত মেধিক সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ কৰা হৈছিল যদিও পৰিয়ালৰ লোকে উত্তৰ গুৱাহাটীস্থিত GNRCলৈ লৈ গৈছিল।
কিন্তু GNRCত বসন্ত মেধিৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনা সংক্ৰান্তত দৌলাশাল আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
মুকালমুৱাৰ পৰা শংকৰ দাস