চামগুৰিত চুৰি কম্পিউটাসহ দুজন গভাইত চোৰক গ্ৰেপ্তাৰ

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে যোৱা নিশা বাজিয়াগাৱঁত অভিযান চলাই চুৰি কম্পিউটাৰ চেটৰ সহ দুজন গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয় ৷জানিব পৰা মতে চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি যোৱা নিশা বাজিয়াগাৱঁত অভিযান চালাই মুছলিম উদ্দিনৰ পুত্ৰ আমজাদ আলি (২৩) আৰু আব্দুল ৰহমানৰ পুত্ৰ হজৰত আলী (২২) নামৰ দুই গভাইত চোৰক আটক কৰে ৷লগতে দুই গভাইত চোৰে চুৰি কৰি অনা কম্পিউটাৰ, মণিটৰ, প্ৰিন্টাৰ, কীবৰ্ড, ষ্টেব্লেজাৰ আদিকে ধৰি বিভিন্ন সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে যোৱা ২ জুলাই তাৰিখে নিশা চামগুৰি পূৰ্ণিমা শইকীয়া উচ্চ ইংৰাজী বিদ্যালয়ৰ খনৰ তলা ভাঙি কম্পিউটাৰ চেটসহ বিভিন্ন সামগ্ৰী চোৰে চুৰি কৰি নিছিল ৷পিছদিনা পুৱা বিদ্যালয় খনৰ প্ৰধান শিক্ষক গৰাকীয়ে উক্ত চুৰি কাণ্ডৰ সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ৷আৰক্ষীয়ে উক্ত চুৰি কাণ্ডৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখি যোৱা নিশা বাজিয়াগাৱঁৰ পৰা দুই গভাইত চোৰক আটক কৰাৰ লগতে উক্ত বিদ্যালয় খনৰ পৰা চুৰি হোৱা কম্পিউটাৰ চেটসহ বিভিন্ন সামগ্ৰীসমূহ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উক্ত গভাইত চোৰ দুজনে দীৰ্ঘদিন ধৰি চামগুৰিৰ বিভিন্ন অঞ্চলত চুৰি কাণ্ড সংঘটিত কৰি আহিছিল বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷ আনহাতে আৰক্ষীয়ে কৰায়ত্ব কৰা দুই গভাইত চোৰক আজি নগাঁও আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে৷

Related Articles