Breaking

বিটিচি বিধান সভাৰ দুদিনীয়া শৰৎ অধিৱেশন আৰম্ভ

0 41

আজি কোকৰাঝাৰৰ বিটিচি বিধান সভা গৃহত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বিধান সভাৰ দুদিনীয়া শৰৎ কালীন অধিৱেশন আৰম্ভ হয়। অধিৱেশনখনৰ অধ্যক্ষতা কৰিছিল বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বিধান সভাৰ অধ্যক্ষ কাটিৰাম বড়োৱে বিপিএফ দলে বিটিচি বিধান সভাত ডেৰহাসত বসুমতাৰী, চালাকাতি এম.চি.এল.এ ক বিৰোধী নেতা হিচাপে ঘোষণা কৰিছে। বিটিচি বিধান সভাৰ ৪0 জনীয়া সদনত, ইউপিপিএল ৰ ১৩, বিজেপি ৰ ১৪, বিপিএফ ৰ ১১, জিএছপি ৰ ১ জন সদস্য উপস্থিত থাকে। অধিৱেশন খন বিপিএফ এমচিএলএ ডোনেশ্বৰ গয়াৰীৰ পৰা উত্থাপিত প্ৰশ্নকালৰ সৈতে আৰম্ভ হৈছিল। বিটিআৰ চিইএম প্ৰমোদ বড়োৱে বিৰোধী এমচিএলএ সকলক উষ্ম আদৰণি জনাইছিল আৰু আশাবাদী আছিল যে বিধানসভাৰ অধিৱেশনত সদনত স্বাস্থ্যকৰ গঠনমূলক আলোচনা হ’ব।

Leave A Reply