Breaking

ডিগবৈত আটক দুই ড্ৰাগছ আসক্ত যুৱক

0 60

বৰ্তমান নৱ প্ৰজন্ম মাৰাত্মক ড্ৰাগছৰ কৱলত পৰা পৰিলক্ষিত হৈছে। ৰাজ্যখনৰ লগতে তিনিচুকীয়া জিলাখনতো এচাম উঠি অহা নৱপ্ৰজন্ম এই ড্ৰাগছৰ কৱলত পৰিছে। বিগত সময়ত ড্ৰাগছ আসক্ত যুৱকৰ বাবে বিভিন্ন অপৰাধ সংঘটিত হৈ আহিছে। আজি ডিগবৈ চহৰৰ মাজ-মজিয়া, চাৰিআলি বজাৰত  ড্ৰাগছ সেৱন কৰি থকা সময়তে দুই যুৱকক হাতে-লোতে আটক হব লগা হয়।

ধৃত  ড্ৰাগছ আসক্ত যুৱকদ্বয় ক্ৰমে লক্ষীপথাৰৰ সঞ্জীৱ সোণোৱাল আৰু ডিগবৈ চাৰিআলি বজাৰৰ ঋষি দত্ত।ঋষি দত্তৰ পিতৃ তুলসী দত্তই মাৰাত্মক ড্ৰাগছ বেজীৰে লৈ থাকোতে হাতে লোটে পুত্ৰ সহ আন এজন  ড্ৰাগছ আসক্ত যুৱকক আটক কৰিবলৈ সক্ষম হয়।উল্লেখ্যে যে ধৃত যুৱকদ্বয় ড্ৰাগছ এৰিব বাবে ৰিহাবিলিশ্যন চেণ্টাৰত আছিল যদিও ওলাই আহি পুনৰ ড্ৰাগছ সেৱন কৰিবলৈ লৈছিল।ঘটনাস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ দুই ড্ৰাগছ আসক্ত   যু্ৱকক আটক কৰি থানালৈ লৈ আনে।  

Leave A Reply