Breaking

নগাঁও জিলাৰ ধিঙৰ আহোম গাঁৱত ড্ৰাগছ সহ ২ জনক আটক

0 81

ধিঙৰ আহোম গাঁৱত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান। নগাঁও জিলাৰ ধিঙৰ আহোম গাঁৱত ড্ৰাগছ সহ ২ জনক আটক। আটকাধীন ড্ৰাগছ ব্যৱসায়ী গাড়ীৰ পৰা দৌৰি পলাওতে আৰক্ষীৰ‌ গুলিচালনা।


জানিব পৰা মতে,ধিং আৰক্ষী আৰু জিলাখনৰ অপৰাধী শাখাই এক গোপন সুত্ৰৰ পম খেদি চালনাবড়ী গাৱৰ পৰা AS-01-BZ-4000 মহেন্দ্ৰ গাড়ী আটক কৰি অভিযান চলাই।


গাড়ীখনৰ পৰা 28 টা চাবোনৰ বাকচ সহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। বাকচ বোৰত 336.82 গ্ৰাম হিৰইন আছে বুলি আৰক্ষীয়ে জানিব দিয়ে।
যুবক দুজন শালমৰাবড়ী গাঁৱৰ মোস্থাফা আলম আৰু জেহেৰুল ইছলাম বুলি আজি নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লিনা দলে সাংবাদিকক জানিব দিয়ে।


ইপিনে দুপৰীয়া টুকটুকী গাৱৰ পৰা 9 টা চাবোনৰ বাকচত ড্ৰাগছৰ সৈতে আব্দুল হাচেনক আটক কৰি লৈ যাওতে বৰভেটিত গাড়ীৰ পৰা নামি পলাওতে আৰক্ষীয়ে ভৰিত গুলিয়াই। সম্প্ৰতি আব্দুল হাচেন গুৱাহাটী GMCH ত চিকিৎসাদিন হৈ আছে।

Leave A Reply