Breaking

নগাঁৱত বন বিভাগৰ অভিযানত দুটাকৈ অবৈধ কাঠফলা মিল জব্দ

0 2,021

নগাঁও জিলা  বন বিভাগৰ এটা অভিযানকাৰী দলে আজি জিলাখন ৰূপহী আৰু শিমলুগুৰি অঞ্চলত অভিযান চলাই দুটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, দীৰ্ঘদিন  ধৰি ৰূপহীৰ প্ৰদীপ বৰা নামৰ ব্যক্তি জনে ৰূপহী অঞ্চলত অবৈধ ভাবে কাঠ ফলা মিল চলাই আহিছিল। এই মিলত একাংশ অসাধু কাঠ ব্যৱসায়ীয়ে অতি মূল্যবান চোৰাং কাঠ ফালি জিলা খনৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছিল। ইয়াৰোপৰি শিমলুগুৰি অঞ্চলতো এগৰাকী ব্যক্তিয়ে দীৰ্ঘদিন ধৰি অবৈধ কাঠফলা মিল চলাই আহিছিল। এই খবৰ গোপন সূত্ৰে লাভ কৰি আজি নগাঁও বনাঞ্চলিক বিষয়া কল্যানী মালাকাৰৰ নেতৃত্বত যোৱা দলটোৱে  অবৈধ কাঠফলা মিল দুটা উৎখাত কৰে। এই অভিযানত  বনাঞ্চলিক বিষয়া কল্যানী মালাকাৰক সংগ দিয়ে বনপালক প্ৰভাত বৰা,প্ৰভাত বৰুৱা  লগতে কেইবাগৰাকীও বনকৰ্মীয়ে। অৱশ্যে আজিৰ অভিযানত  অবৈধ কাঠমিলৰ লগত জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

Leave A Reply