লাহৰীঘাট প্ৰেছ ক্লাৱৰ দুজনকৈ সাংবাদিক সম্বৰ্ধনা

মৰিগাঁও জিলা গৰাখহনীয়া প্ৰতিৰোধ সমিতিৰ উদ্যোগত আৰু লাহৰীঘাট কাঠনি ৰাইজৰ সহযোগত আজি কাঠনি গাঁও পঞ্চায়ত প্ৰেক্ষাগৃহত এখন সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰে ।উক্ত অনুষ্ঠানত লাহৰীঘাট প্ৰেছ ক্লাৱৰ লৈ গৌৰৱ কঢ়িয়াই অনা ২ জনকৈ জেষ্ঠ্য সাংবাদিকক সম্বৰ্ধনা জনাই । অসম ৰাজ্যিক সাংবাদিক সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক শ্ৰীযুত প্ৰদীপ চন্দ্ৰ ডেকা আৰু অসম ৰাজ্যিক সাংবাদিক সন্থাৰ তৰফৰ পৰা লাভ কৰা ২০২২ বৰ্ষশ্ৰেষ্ঠ গ্ৰাম্য সাংবাদিকতা বঁটাপ্ৰাপক শ্ৰীযুত প্ৰণৱ গোস্বামীক আজি অঞ্চলটো ৰাইজে সম্বৰ্ধনা জনায় ।এই সম্বৰ্ধনা অনুষ্ঠানটোত লাহৰীঘাট প্ৰেছ ক্লাৱৰ সংবাদকৰ্মী সকল,অঞ্চলটো বহুসংখ্যক ৰাইজ উপস্থিত থাকে ।

মৰিগাঁও মেডিয়া ক্লাৱৰ সভাপতি ৰাতুল ডেকা,লাহৰীঘাট প্ৰেছ ক্লাৱৰ সম্পাদক বিষ্ণু ডেকা,প্ৰাক্তন সাংবাদিক কামাল উদ্দিন,সাংবাদিক আবুল কালাম,সাংবাদিক খাইৰুল ইছলাম,আমিৰুল ইছলাম,পুলক মেধি সহ গৰাখহনীয়া প্ৰতিৰোধ সমিতি সভাপতি খাইৰুল ইছলামৰ সভাপতিত্বত এই সভাখনৰ আঁতধৰে ।অনুষ্ঠানটোত প্ৰাক্তন সাংবাদিক কামাল উদ্দিনে বিগত দিনত কৰা সংবাদ সেৱা ঘাত প্ৰতিঘাতৰ সকলোবোৰ কথাও ৰোমন্থন কৰে । তেঁও লগতে কয় যে বৰ্তমান সাংবাদিক সকলে সংবাদসেৱা আগবঢ়োৱা ক্ষেত্ৰত কিছু দিশত চালি জাৰি চাবলৈ অনুৰোধ কৰে ।

Related Articles