Breaking

জম্মু আৰু কাশ্মীৰত পুঞ্চত ২ উগ্ৰপন্থীক গুলীয়াই হত্যা কৰা হয়…

0 55

জম্মু আৰু কাশ্মীৰত পুঞ্চত LoC ৰ কাষত ২ উগ্ৰপন্থীক গুলীয়াই হত্যা কৰা হয়। শনিবাৰে নিশাজোৰা অভিযানৰ অন্তত গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীক।

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ বালাকোটে ছেক্টৰত ভাৰতীয় সেনাই দুই উগ্ৰপন্থীক গুলীয়াই হত্যা কৰে। শনিবাৰে নিশাজোৰা অভিযানৰ অন্তত গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীকেইজনক।

তথ্য অনুসৰি বালাকোটে ছেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষেৰে সন্দেহজনক গতিবিধি লক্ষ্য কৰে সৈন্যই যাৰ পিছত তেওঁলোকে গুলীচালনাৰ আশ্ৰয় লয়। অঞ্চলটোত ব্যাপক তালাচী অভিযানো আৰম্ভ কৰা হয় আৰু তাৰ পিছত উগ্ৰপন্থীক নিষ্ক্ৰিয় কৰা হয়।

আজি পুৱা সেনাই অঞ্চলটোত তালাচী অভিযান চলাই নিহত সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ কৰে। সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰখা হৈছে আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান চলি আছে বুলি সেনাই জানিবলৈ দিয়ে।

Leave A Reply