Breaking

ভাৰত-ভূটানৰ অর্থনৈতিক বিকাশৰ লক্ষ্যৰে দুই দেশৰ মন্ত্ৰীৰ বৈঠক…

0 2,051

জলপথৰ পাৰস্পৰিক বিকাশ আৰু সহযোগিতাৰ যোগেদি ভাৰত ভূটানৰ বন্ধুত্বপূর্ণ সম্পৰ্কক অধিক শক্তিশালী কৰাত গুৰুত্ব দিছে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে। সোমবাৰৰপৰা ডিব্ৰুগড়ত দুদিনীয়াকৈ অনুষ্ঠিত জলপথ সন্মিলন ২০২২ ত এই উদ্দেশ্যে ভাৰত চৰকাৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰমুখ্যে উচ্চপদস্থ বিষয়াবৰ্গ আৰু ভূটানৰ অৰ্থনৈতিক পৰিক্ৰমা মন্ত্রী লিয়’ নপ’ লোকনাথ শৰ্মাৰ নেতৃত্বত অহা প্ৰতিনিধিবৰ্গৰ মাজত এক সৌহার্দপূর্ণ বৈঠক অনুষ্ঠিত হয়।

বৈঠকত ধুবুৰী আৰু যোগীঘোপাৰপৰা ৰাষ্ট্ৰীয় জলপথ-২ অর্থাৎ ব্রহ্মপুত্ৰয়েদি বেপাৰ-বাণিজ্য, আমদানি-ৰপ্তানি আদি ত্বৰান্বিতকৰণৰ জৰিয়তে ভাৰত-ভূটানৰ দ্বি-পাক্ষিক সম্পর্কক এক নতুন গতিশীলতা প্ৰদানৰ সিদ্ধান্ত লোৱা হয়। কেন্দ্ৰীয় চৰকাৰে বিকাশৰ যোগেদি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ হেতুকে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে ভূটানৰ প্ৰতিনিধিবর্গক সোণোৱালে অৱগত কৰে।

Leave A Reply