দাবী কৰা ধন নিবলৈ আহি যোৱা কালি শনিবাৰে লাহৰীঘাটত আটক হ’ল নিউজ পৰ্টেলৰ গুৱাহাটীৰ দুই সাংবাদিক। লাহৰীঘাটত পঞ্চায়ত সভানেত্ৰীৰ পৰা টকা নিবলৈ গুৱাহাটীৰ পৰা আহিছিল দুই সাংবাদিক। নিউজ পৰ্টেল ” নিউজ 30 ” ৰ এই দুই সাংবাদিক হৈছে পৰ্টেলটোৰ সহকাৰী সম্পাদক ৰমেন বৰা আৰু অনুপ কলিতা।শনিবাৰে সুদূৰ গুৱাহাটীৰ পৰা এই দুই সাংবাদিকে লাহৰীঘাটৰ কুশতলিলৈ আহিছিল লাহৰীঘাটৰ কাঠনি গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰৌজলীন ফাৰুকীৰ পৰা দাবী কৰা ধন।উল্লেখ্য যে গাঁও পঞ্চায়তখনত দুৰ্নীতিৰ হোৱা অভিযোগত টকা দাবী কৰি নিবৰ বাবে আহোতেই লাহৰীঘাটৰ আৰক্ষীয়ে যোৱা কালি শনিবাৰে আবেলি কুশতলিৰ দুই স্বয়ম্ভূ সাংবাদিকক গ্ৰেপ্তাৰ কৰে।লগতে তেওঁলোকে লৈ অহা AS 01D-S 8794 নম্বৰৰ পালচা বাইকখন জব্দ কৰে।অভিযোগ মতে, যোৱা কিছু দিনৰ পৰা সহকাৰী সম্পাদক ৰমেন বৰাই ফোন যোগে সভানেত্ৰী গৰাকীক হাৰাশাস্তি কৰি আহিছে। ইফালে আটকাধীন সাংবাদিক দুজনে দুই লাখ টকা দাবী কৰা অভিযোগ তুলি সভানেত্ৰী গৰাকীয়ে লাহৰীঘাট থানাত এজেহাৰ দাখিল কৰিছে।

