Breaking

ধুবুৰী-বঙাইগাঁও জিলাৰ সীমান্তবৰ্তী নিত্যবজাৰত নিষিদ্ধ নিচাযুক্ত টেবলেট সহ আটক দুই সৰবৰাহকাৰী

0 57

ঈদৰ দিনাই বইটামাৰী আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি নিত্যবজাৰত অভিযান চলাই আটক কৰে নিষিদ্ধ নিচাযুক্ত টেবলেট সহ দুজন সৰবৰাহকাৰী।

ধৃত সৰবৰাহকাৰী দুজন বহলপুৰ তটপাৰাৰ আনোৱাৰ হুছেইন(২৯) আৰু হৰ্দেমাৰা চুৰত জামাল(২৫)।

সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে ২৮৮টা কেপছুল ৪০টা টেবলেটৰ লগতে AS-17-L-7290 নম্বৰৰ মটৰ চাইকেল এখন জব্দ কৰিবলৈ সক্ষম হয়।

ধৃত আনোৱাৰ হুছেইনৰ বিৰুদ্ধে পূৰ্বৰে পৰাই নিষিদ্ধ নিচাযুক্ত টেবলেট সৰবৰাহ কৰাৰ অভিযোগ আছে আৰু পুৰ্বেও আটক হৈছিল ধৃত আনোৱাৰ হুছেইন।

Leave A Reply