জামুগুৰিহাট, ১৭ডিচেম্বৰ : শোণিতপুৰ জিলাৰ খনামুখত কালি নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত জামুগুৰিহাটৰ ৰঙাচকুৱাৰ দুজন যুৱকৰ মৃত্যু হয়। ৰঙাচকুৱাৰ অনন্ত শইকীয়া (২৯)আৰু প্ৰশান্ত শইকীয়া (২৮) নামৰ যুৱক দুজনে মটৰ চাইকেলৰে কিবা বিশেষ কামত বালিপৰালৈ গৈছিল আৰু তাৰ পৰা পুনৰ ঘৰলৈ ওভতি অহাৰ পথত খনামুখৰ নিশা নমান বজাত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে যুৱক দুজনৰ মৃত্যু হয় । যুৱক দুজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।