Breaking

মামাই দিয়া ছাইকেলেৰে ৰাম মন্দিৰলৈ যাত্ৰা লক্ষীমপুৰৰ দুই যুৱকৰ

0 53

লক্ষীমপুৰৰ দুই যুৱক মাধুৰ্য্য ফুকন আৰু কৃষ্ণমনি বৰাই বুধবাৰে লক্ষীমপুৰৰ পৰা ছাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছে৷ লক্ষ্য স্থান অযোধ্যাৰ ৰাম মন্দিৰ ৷

ইতিমধ্যে দুই যুৱকে প্ৰায় ১৭০ কিলোমিটাৰ পথ অতিক্ৰম কৰি চতিয়াত উপস্থিত হ’ল ৷ চতিয়াত দল সংগঠনে জনালে দুই যুৱকক উষ্ম আদৰণি৷

মনতে পুহি ৰখা সপোন বাস্তৱত ৰূপ দিবলৈ আগবাঢ়ি ওলাল সুদুৰ অযোধ্যাৰ ৰাম মন্দিৰলৈ বুলি ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া উপহাৰ স্বৰূপ পাটি ছাইকেলখনকে লৈ মাধুৰ্য্য ফুল কনফিডেণ্ট৷ ৰাম মন্দিৰ পাবগৈ…৷

এইদৰে কিছু সময় চতিয়াত জিৰাই আগবাঢ়িল দুই যুৱক তেজপুৰ দিশে ৷ শুকুৰবাৰে নিশাটো তেজপুৰতে কটাব দুই যুৱকে ৷

Leave A Reply