Breaking

টাই আহোমক জনজাতিকৰণ কৰা আৰু মূল্যবৃদ্ধিৰ ৰোধ কৰা দাবীত টাইপাৰ প্ৰতিবাদী কাৰ্যসূচী…

0 1,103

মৰাণত আজি টাইপাৰ আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ মহকুমা সমিতিৰ উদ্যোগত মৰাণ নগৰৰ মাজমজিয়াৰ ট্ৰেফিক পইণ্টত প্ৰতিকূল বতৰকো নেওচি বৰষুণত তিতি টাই আহোম সকলক জনজাতি কৰণৰ দাবীত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস মূৰ্দাবাদ আদি শ্ল’গানেৰে সমগ্ৰ মৰাণ অঞ্চল উত্তাল কৰি তোলে। লগতে অসমৰ জনসাধাৰণৰ পেটত গোৰ মাৰি মূল্য বৃদ্ধি কৰিছে অসম চৰকাৰে আৰু অসম চৰকাৰৰ অহংকাৰ হৈছে এতিয়া, অসম চৰকাৰৰ অকৰ্মণ্য মন্ত্ৰী সকলক বহিষ্কাৰ কৰি যোগ্য লোকক মন্ত্ৰী প্ৰদান কৰিবলৈ দাবী জনাই টাইপাই।

লগতে তাই আহোম সকলক অতি শীঘ্ৰেই জনজাতি মৰ্যদা প্ৰদান কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায় অন্যথা ধাৰাবাহিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। আনহাতে আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভা বিধান সভাত যি সকল মন্ত্ৰী বিধায়ক হৈছে সেই সকল মন্ত্ৰী বিধায়কে আহোম সম্প্ৰদায়ক জনগোষ্ঠীৰ ক্ষেত্ৰত প্ৰতাৰণা কৰিছে জাতিটোক বুলি মন্তব্য কৰে টাইপাই। এই কাৰ্যসূচীত টাইপা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰুদ্ৰ সাগৰ বুঢ়াগোহাঁই ,উপসভাপতি উত্তম দিহিঙীয়া লগতে ডিব্ৰুগড় জিলা সভাপতি, মৰাণ মহকুমা সমিতিৰ সভাপতি ,কাৰ্যকৰি সভাপতি, যুটীয়া সম্পাদক ,মহকুমাৰ বিষয়ববীয়া আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে। 

Leave A Reply