ওদালগুৰি নিবাসী সাংবাদিক দিলীপ কুমাৰ বৰুৱা গুৰুতৰভাৱে অসুস্থ হৈ যোৱা দুমাহধৰি বিছনাত পৰি থকা বুলি জানিব পৰা গৈছে। প্ৰথমতে বুকুৰ অসুস্থতা আৰু হাওঁফাওঁৰ কিছু জটিলতাই দেখা দিছিল যদিও ডাক্তৰে এইবোৰ অসুস্থতা নিৰাময় হোৱা বুলি জনাইছে।

বৰ্তমান তেওঁ মানসিক বেমাৰত ভুগিছে বুলি ডাক্তৰে জনোৱা বুলি গৃহ সূত্ৰৰ পৰা জানিব পৰা গৈছে। বৰ্তমান তেওঁ খাব নোৱাৰে। খোৱাত কোনো ৰুচি নোহোৱাত অতিকৈ দুৰ্বল হৈ পৰা দেখা গৈছে আৰু মাতবোৰো বুজিব নোৱাৰা হৈছে। দিলীপ বৰুৱা এজন বিশিষ্ট সাংবাদিক হোৱাৰ উপৰিও এজন কবি হিচাপেও পৰিচিত। তেখেতে এখনি কবিতাৰ কিতাপো প্ৰকাশ কৰিছে। বৰ্তমান তেওঁ ওদালগুৰি প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।

তেখেতে বহু বছৰ ধৰি দৈনিক জনমভুমি কাকতত লিখা মেলা কৰি আছে। বৰ্ওমান বেমাৰত ভুগি তেখেতে আৰ্থিক দৈন্যতাৰ সন্মুখীন হবলগীয়া হৈছে। ওদালগুৰি প্ৰেছ ক্লাব, ওদালগুৰি কবি সমাজকে ধৰি বিভিন্ন সংগঠনে দিলীপ বৰুৱাৰ আশু আৰোগ্য কামনা কৰিছে।বড়োলেণ্ড সাংবাদিক সংস্থাৰ উপদেষ্টা,আপকুৰ ওদালগুৰি জিলাৰ কাৰ্য্যকৰী সভাপতি নব কুমাৰ ডেকাই উন্নত চিকিৎসাৰ সাহাৰ্য প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ৷

