ডিজিটেল ডেস্কঃ Udayaditya Bharali অসম তথা গোটেই উত্তৰ-পূৰ্বাঞ্চলৰ জ্ঞান-সংস্কৃতিৰ ক্ষেত্ৰখনত এক উজ্জ্বল নক্ষত্র আছিল অধ্যাপক উদয়াদিত্য ভৰালী। কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট ইতিহাসবিদ, শিক্ষাবিদ, সাহিত্যিক তথা ক্ৰীড়া সংগঠকগৰাকীৰ দেহাৱসান হৈছে শনিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত। দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি থকা ভৰালীয়ে গুৱাহাটী মহানগৰীৰ দক্ষিণ শৰণীয়াৰ নিজৰ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ।
১৯৪৭ চনৰ ১ ছেপ্টেম্বৰত শিৱসাগৰত জন্মগ্ৰহণ কৰা উদয়াদিত্য ভৰালীয়ে ১৯৬৮ চনৰ পৰা ২০০৩ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগত অধ্যাপক হিচাপে কৰ্মৰত আছিল। তাৰপিছত ২০০৩-২০০৬ সময়চোৱাত তেওঁ কটন কলেজৰ অধ্যক্ষ হিচাপে দায়িত্ব নিৰ্বাহ কৰে।
ইতিহাস চৰ্চাৰ ক্ষেত্ৰত উদয়াদিত্য ভৰালীয়ে অসমীয়াৰ মনোভূমিত এক নতুন দিশৰ সন্ধান দিছিল। বিশেষকৈ প্ৰাচীন অসমৰ ইতিহাসক লৈ তেওঁৰ দৃষ্টিভংগী, বিশ্লেষণ আৰু শৈলীৰ বাবে তেওঁ অদ্বিতীয় হিচাপে বিবেচিত। সাহিত্যৰ ক্ষেত্ৰতো তেওঁ এগৰাকী শক্তিশালী গল্পকাৰ আছিল। লগতে ক্ৰীড়া সংগঠক আৰু ক্ৰীড়া বিষয়ক ব্যতিক্ৰমী লেখক হিচাপেও জনাজাত আছিল।
তেওঁৰ এই বৌদ্ধিক অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৯৬ চনত অধ্যাপক ভৰালীয়ে অসম সাহিত্য সভাৰ পক্ষৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰিছিল।
তেওঁৰ মৃত্যুত বিভিন্ন দল, সংগঠন, সাহিত্যিক, অধ্যাপক আৰু শিক্ষানুৰাগীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।