Udhampur: উধমপুৰত বন্দুকৰ যুঁজঃ নিহত ভাৰতীয় জোৱানজনৰ নাম জান্টু আলী শ্বেখ

পহলগাম কাণ্ডৰ পিছত তালাচী অভিযানৰ মাজতে জম্মুৰ উধমপুৰত উগ্ৰপন্থীৰ সৈতে হোৱা বন্দুকৰ যুঁজত এজন ভাৰতীয় জোৱান নিহত হয়।(udhampur)

সেনা বাহিনীৰ হোৱাইট নাইট কৰ্পছে জনোৱা মতে, গোপন সূত্ৰৰ পোৱাৰ পিছতে আৰক্ষী আৰু সেনাৰ যৌথ বাহিনী উধমপুৰৰ বসন্তগড়ত অভিযান চলায়। উগ্ৰপন্থীয়ে বসন্তগড়ত আশ্ৰয় লোৱাৰ খবৰ নিশ্চিত হোৱাৰ পিছতে যুটীয়া বাহিনীয়ে এই অভিযান আৰম্ভ কৰে।

পহলগাম কাণ্ডৰ পিছত জম্মু-কাশ্মীৰৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰতৰ হৈ পৰিছে। জম্মুৰ উধামপুৰত আশ্ৰয় লোৱা উগ্ৰপন্থীৰ তথ্য লাভ কৰি বৃহস্পতিবাৰে পুৱা সেনা-আৰক্ষীৰ যুটীয়া বাহিনীয়ে অভিযান চলায়। উগ্ৰপন্থীৰ সন্ধানত তালাচী অভিযান চলাই থকাৰ সময়তে উগ্ৰপন্থীয়ে বাহিনীৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। সেনাইও গুলী চলায়। দুয়োপক্ষৰ মাজত হোৱা গুলীৰ আদান-প্ৰদানত আহত এজন জোৱান। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। মৃত জোৱানজনৰ নাম জান্টু আলী শ্বেখ। তেওঁ ৬ পেৰা এছ এফত কাম কৰি আছিল।

২২ এপ্ৰিলত পহলগামত উগ্ৰপন্থীয়ে পৰ্যটকৰ ওপৰত আক্ৰমণ চলাইছিল। সেই আক্ৰমণত ২৬ জন পৰ্যটকৰ মৃত্যু হয়। পহলগাম আক্ৰমণৰ পিছৰে পৰা সমগ্ৰ জম্মু-কাশ্মীৰত সেনাৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰতৰ হৈ পৰিছে।

Related Articles