Udit Narayan: চুমা বিতৰ্ক, উদিতৰ চুমাৰ বাবে অপ্ৰস্তুত শ্ৰেয়া, আলকা !

সন্মুখত প্ৰিয় গায়কজনক দেখি আৱেগতে তেওঁৰ গালত চুমা খালে অনুগাৰীয়ে, বিনিময়ত গায়িকাগৰাকীয়ে তেওঁৰ ডিঙিত ধৰি ওঁঠত কৰিলে চুম্বন। শেহতীয়াকৈ উদিত নাৰায়ণৰ মঞ্চ অভিনয়ৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। আৰু তাৰ পিছত কণ্ঠশিল্পীগৰাকীক সমালোচনাৰ সন্মুখীন হয়। (Udit Narayan)

এইবাৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে উদিতৰ এটাৰ পিছত এটা ভিডিঅ’, য’ত তেওঁ ননষ্টপ চুমা খোৱা দেখা গৈছে। শ্ৰেয়া ঘোষল হওক বা অলকা য়াগনিকেই হওক গালত ইটোৰ পিছত সিটোকৈ চুমা খাইছে। তেওঁলোকৰ সন্মতি অবিহনেই যেন তেওঁ চুম্বন কৰিছিল।

শনিবাৰৰ পৰা ছ’চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হৈ আহিছে প্ৰবীণ গায়ক উদিত নাৰায়ণ। দেওবাৰৰ পৰা আৰম্ভ হৈছে অন্য ভিডিঅ’ৰ সন্ধান। নেটিজেনে উদিতৰ মঞ্চৰ অভিনয়ৰ ইটোৰ পিছত সিটোকৈ ভিডিঅ’ বিচাৰিছে। ইয়াৰে এটা ভিডিঅ’ত তেওঁ অলকা য়াগনিকৰ সৈতে মঞ্চত ৰিয়েলিটি শ্ব’ত গীত গাই থকা দেখা গৈছে। হঠাৎ অলকাৰৰ কাণৰ ওচৰলৈ আহি গান গাই থাকোঁতে তেওঁৰ গালত চুম্বন কৰি দিয়ে। অলকা আচৰিত হৈ অপ্ৰস্তুত হৈ আঁতৰি যায়।

কেইবছৰমান পূৰ্বে শ্ৰেষ্ঠ মহিলা গায়িকাৰ বঁটা গ্ৰহণ কৰিবলৈ মঞ্চত উঠিছিল শ্ৰেয়া ঘোষালে। উদিত আৰু মালাইকা অৰোৰাই তেওঁক বঁটা প্ৰদান কৰিবলৈ সাজু হৈছিল। কিন্তু মঞ্চত উঠাৰ লগে লগে উদিতে শ্ৰেয়াক সাৱটি ধৰি গালত চুম্বন কৰে। শ্ৰেয়া অপ্ৰস্তুত আছিল, ভিডিঅ’টোত বন্দী হৈ পৰিছিল তেওঁৰ মুখৰ ভাব। অৱশ্যে গায়িকাগৰাকীয়ে লগে লগে হাঁহি দিয়ে।

এই দুটা-তিনিটা ভিডিঅ’ই আকৌ এবাৰ ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে। নেটিজেনসকলে স্পষ্টভাৱে প্ৰবীণ গায়কগৰাকীৰ ফালে আঙুলিয়াইছে।

Related Articles