Breaking

উন্মোচন হ’ল উজ্জ্বল দিপ্লু গগৈৰ “দ্য লাইফ নীডচ্‌ ম’ৰ ’

0 44

৪ ডিচেম্বৰ দেওবাৰে বিয়লি ৩ বজাত গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত লেখক উজ্জ্বল দিপ্লু গগৈৰ ভ্ৰমণ কাহিনীৰ নৱতম সংকলন “দ্য লাইফ নীডচ্‌ ম’ৰ” শীৰ্ষক পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখন ; বিশিষ্ট লেখক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° অৱনী কুমাৰ ভাগৱতী,লেখক,চিন্তাবিদ,সুবক্তা ময়ূৰ বৰা,বিশিষ্ট লেখিকা লীনা শৰ্মা,বিশিষ্ট লেখিকা মনালিছা শইকীয়াই উন্মোচন কৰে৷গ্ৰন্থখনৰ প্ৰকাশক ড° অমৃত কুমাৰ উপাধ্যায়৷

ময়ূৰী দত্তই আঁত ধৰা এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত প্ৰদীপ কুমাৰ গগৈ ,সবিতা গোহাঁই গগৈ,জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰী,লেখক-সাংবাদিক ধীৰু মণি গগৈ,লেখিকা স্বপ্নালী মহন্ত,শেৱালি চৌধুৰী,ৰূপা গগৈ,ৰঞ্জনা গগৈ ,পূৰবী বৰা আদিকে ধৰি কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুম্বাইস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত কৰ্মৰত তথা পূৰ্বে “দ্য টপগিয়েৰ” নামৰ ভ্ৰমণ বিষয়ক গ্ৰন্থখনৰে পাঠকৰ পৰা সমাদৰ লাভ কৰা উজ্জ্বল দিপ্লু গগৈৰ বিভিন্ন ভ্ৰমণ বিষয়ক লেখা ইতিমধ্যেই ভিন্ন কাকত-আলোচনীত
প্ৰকাশ পাইছে৷জানিব পৰা মতে সদ্য প্ৰকাশিত “দ্য লাইফ নীডচ্‌ ম’ৰ ” গ্ৰন্থখনৰ ৰয়েল্টিৰ পৰা উপাৰ্জিত অৰ্থ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ অধ্যয়নৰ সহায়ক হোৱাকৈ বিতৰণ কৰা হ’ব৷

Leave A Reply