ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষ অব্যাহত।তাৰ মাজতে ৰাছিয়াৰ সৈন্যক প্ৰতিহত কৰিবলৈ হাতত বন্দুক তুলি ল’লে এইগৰাকী মহিলা সাংসদে।ৰাছিয়াৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ বিভিন্ন লোকে ইউক্ৰেইন এৰি সুৰক্ষিত স্থানলৈ গতি কৰিছে।আনহাতে বহু ইউক্ৰেনিয়ানে দেশ সুৰক্ষা স্বাৰ্থত নামি পৰিছে। শেহতীয়াকৈ ইউক্ৰেইনৰ এগৰাকী মহিলা সাংসদে হাতত তুলি লৈছে বন্দুক।তেওঁৰ নাম হৈছে কাইৰা ৰুডিক।
কাইৰা ৰুডিকে হাতত বন্দুক তুলি লোৱা এখন ফটো ইতিমধ্যে সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে।কাইৰা ৰুডিকে টুইটাৰত ফটো খন নিজে শ্বেয়াৰ কৰিছে।

