ম্যানমাৰস্থিত আলফা (স্বা)-ৰ শিবিৰত ভয়ংকৰ ড্ৰ’ণ আৰু মিছাইল আক্ৰমণ । ULFA। ১৩ জুলাই নিশা, ম্যানমাৰস্থিত আলফা (স্বা)-ৰ এক গুৰুত্বপূৰ্ণ শিবিৰত ১০০ ৰো অধিক ড্ৰ’ণ আৰু মিছাইলৰ জড়িয়তে ভয়ংকৰ আক্ৰমণ সংঘটিত হয়। আলফা (স্বা)-ৰ দাবী অনুসৰি, এই আক্ৰমণ ভাৰতীয় সেনাই চলাইছিল। এই আক্ৰমণত সংগঠনৰ উচ্চপদস্থ নেতা লেফটেনেন্ট জেনেৰেল নয়ন অসমৰ মৃত্যুঘটে। তাৰ পাছতেই হোৱা আন এক মিছাইল আক্ৰমণত ব্ৰিগেদিয়াৰ গণেশ অসম আৰু কৰ্ণেল প্ৰদীপ অসমৰ মৃত্যু হয় বুলি সংগঠনে দাবী কৰে।

এই ভয়ংকৰ আক্ৰমণ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “অসম আৰক্ষী এই ক্ষেত্ৰত জড়িত নহয়। অসমৰ মাটিৰ পৰা কোনো আক্ৰমণ সংঘটিত হোৱা নাই। বিষয়টোত অধিক তথ্যৰ প্ৰয়োজন আছে। বিয়লিলৈ বিষয়টো ক্লিয়াৰ হ’ব।”

ইপিনে, আলফা (স্বা)-য়ে প্ৰেছ বিবৃতিযোগে হুংকাৰ দি কয় যে, এই আক্ৰমণৰ প্ৰতিশোধ লোৱা হ’ব। সংগঠনে দাবী কৰে যে, লেফটেনেন্ট জেনেৰেল নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়াৰ সময়তে পুনৰ মিছাইল আক্ৰমণ হয়, য’ত দুজন আলফা সদস্য নিহত আৰু কেইবাজনো গুৰুতৰভাৱে আহত হয়।
এই ঘটনাই উত্তৰ-পূবাঞ্চলৰ গোপন সংঘটনসমূহ আৰু সীমান্তৰ সুৰক্ষা ব্যৱস্থাক লৈ নতুনকৈ উদ্বেগ সৃষ্টি কৰিছে।