Breaking

আলফা-চৰকাৰৰ শান্তি চুক্তিঃ শিৱসাগৰ জিলাত ১৪৪ ধাৰা জাৰি…

0 68

শিৱসাগৰ জিলাত শান্তি-শৃংখলাৰ পৰিস্থিতি বিঘ্নিত হোৱাৰ আশংকা কৰি শিৱসাগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ জাবেদ আৰমান স্বাক্ষৰিত নিৰ্দেশযোগে সমগ্ৰ শিৱসাগৰ জিলাত তৎকালে বলৱৎ হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নিষেধাজ্ঞা অনুসৰি ৰাজহুৱা স্থানত পাঁচ জন বা তাতোধিক লোকৰ সমাৱেশ, সভা সমিতি পতা, শোভাযাত্ৰা উলিওৱা, শ্বহীদ বেদী নিৰ্মাণ, দেৱাল লিখন, শ্ল’গান ছপা কৰা নিষিদ্ধ কৰিছে।


জিলাখনত সমাজবিৰোধী শক্তিৰ দ্বাৰা অসামাজিক কাৰ্যকলাপ তথা উগ্ৰপন্থীৰ আইন বিৰুদ্ধ কাৰ্যকলাপ, গুলিচালনা, হত্যা, ধনদাবী বা ধনলুটৰ আশংকা কৰি দুচকীয়া যানত দুজন বা তাতোধিক লোকৰ বিচৰণো নিষিদ্ধ কৰিছে।

Leave A Reply