Breaking

ধুবুৰীৰ ছোৱালী মহাবিদ্যালয়ত উলহ মালহৰে পালন কৰে শিক্ষক দিৱস। মূখ্য অতিথিৰূপে উপস্থিত থাকে মৌলানা বদৰুদ্দিন আজমল

0 110

আজি শিক্ষক দিৱস।দেশৰ চৌদিশে আজি শিক্ষক দিৱসক কেন্দ্ৰ কৰি অনুষ্ঠিত হৈছে বৰ্ণাঢ্য অনুষ্ঠান।শিক্ষাগুৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শিক্ষা গুৰুক সন্মান জনাই আজি বিদ্যালয়, মহাবিদ্যালয় সকলোতে উখল মাখলৰ পৰিবেশ।ধুবুৰীৰ ছোৱালী মহাবিদ্যালয়তো শিক্ষক দিৱস উপলক্ষে উপস্থিত হয় ধুবুৰীৰ লোকসভাৰ সাংসদ মৌলানা বদৰউদ্দীন আজমল।এক বিশেষ সভাত সাংসদ গৰাকীক অভিনন্দন জ্ঞাপন কৰে মহাবিদ্যালয়ৰ ছাত্ৰী আৰু প্ৰবক্তা সকলে।সভাত বিভিন্ন কলা কৌশল প্ৰদৰ্শন কৰা ছাত্ৰী সকললৈ টকাও উপহাৰ হিচাপে দিয়ে আজমলে।

ধুবুৰী ছোৱালী মহাবিদ্যালয় খনলৈ সাংসদ পুঁজিৰ পৰা ৫০ লাখ টকা অনুদান আগবঢ়োৱাৰ লগতে ভৱিষ্যতে ধুবুৰী জিলা কাৰাগাৰৰ ভৱিষ্যতে আন ঠাই লৈ লৈ যোৱা হ’লে সেই ঠাইত মহাবিদ্যালয় লৈ পৰ্যাপ্ত পৰিমাণৰ মাটি আগবঢ়োৱাৰ প্ৰসংগও উল্লেখ কৰে সাংসদ গৰাকীয়ে।আনহাতে মেট্ৰিক ৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্যেৰ ১৮১০ খন বিদ্যালয় বন্ধ কৰি দিয়াৰ চৰকাৰৰ সিদ্ধান্তৰ বিপৰীতে চৰকাৰ এই ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি দাবী কৰি ওলোটা ৰাজ্যেত স্কুলৰ সংখ্যা বৃদ্ধি কৰিব লাগে বুলিহে দাবী জনায় সাংসদ বদৰ উদ্দীন আজমলে।

Leave A Reply