Breaking

ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ত চূড়ান্ত অৰাজকতা

0 2,228

বিটিএডি ভুক্ত ওদালগুৰি জিলাৰ এক উল্লেখযোগ্য শিক্ষানুষ্ঠান হল ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়৷স্বাধীনতা লাভৰ  ৭৪ বছৰৰ পিছত ১৯৯০ চনত স্থাপিত মহাবিদ্যালয়ৰ খনে ৩১ বছৰ অতিক্ৰম কৰি বৃহত্তৰ সমগ্ৰ ওদালগুৰি জিলাৰ পূব প্ৰান্তত সমগ্ৰ ওৰাং মৌজাৰ  অঞ্চলৰ শৈক্ষিক দিশত বিশেষ অৰিহণাৰ আগবঢ়াই আহিছে। যদিও  দিনক দিনে বিদ্যালয়ৰ খনৰ অধ্যক্ষৰ কৰ্মকাণ্ডৰ বাবেই  মহাবিদ্যালয়খন ধংসৰ গৰাহত অতিক্ৰম কৰিছেওদালগুৰি জিলাৰ এই  মহাবিদ্যালয়ত  অধ্যক্ষৰ হেমাহি,দায়িত্বজ্ঞানহীন,প্ৰশাসনীয় দক্ষতা প্ৰকাণ্ড শূণ্যতা হোৱা হেতুকে ব্যাপক  অৰাজকতা , বিশৃংখল কাৰ্যকলাপ ভয়াবহভাৱে  সংঘটিত হবলৈ ধৰিছে । তৎস্বত্তেও  বিটি চিৰ সঞ্চালক,সচিব,সংশ্লিষ্ট বিভাগ কতৃপক্ষ সম্প্ৰতি কুম্ভকৰ্নৰ নিন্দ্ৰাত নাক বজাই শুই থকা দেখিবলৈ পোৱা গৈছে । মহাবিদ্যালয় খনত  দায়িত্ব গ্ৰহণ কৰা অধ্যক্ষই মহাবিদ্যালয়ত ৰাতিপুৱা ৯ বজাৰ পৰিবৰ্তে ১১ /১২ বজাত আহি ১ বজাত ঘৰলৈ গুচি যোৱা ঘটনা নিত্যনৈমিত্তিক হৈ পৰিছে ।ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশ মৰ্মে ১০ নবেম্বৰৰত ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়  নতুনকৈ পৰিচালনা কমিটি গঠন কৰা হৈছে । জানিব পৰা মতে পুৰণা কমিটিখন পূৰ্বতে ভংগ কৰি চৰকাৰে বান্ধি দিয়া নিয়ম অনুযায়ী  নতুন পৰিচালনা কমিটি গঠন কৰা সভাপতি সম্পাদক আৰু সদস্য সদস্যা সকলৰ নাম অন্তৰ্ভুক্ত কৰি এখন তালিকা নিৰ্বাচনী কামিটিক প্ৰেৰণ কৰা বুলি জানিবলৈ পৰা গৈছে ।  কলেজ কৰ্তৃপক্ষই জানিব দিয়ে মতে নৱ নিৰ্বাচিত পৰিচালনা কমিটিৰ সভাপতি হিচাপে বিটিআৰৰ কাৰ্যবাহী সদস্য নিলোৎ স্বৰ্গীয়াৰীক সভাপতি আৰু ওৰাং কলাগুৰু বিষ্ণু ৰাভা মহাবিদ্যালয়ৰ অধক্ষ উৎপল হাজংকলৈ সম্পাদক আৰু মুঠতে ১৩  সদস্যৰ লগতে বিভিন্ন দায়িত্ব থকা বিষয়ববীয়াৰ নাম সন্নিবিষ্ট কৰি পৰিচালনা কমিটি চেলেকচন বৰ্ডলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে ।৭০নং  মাজবাট বিধান সভা সমষ্টিৰ ভিতৰত দেখাত অতি  শান্ত,নিৰ্জু,সহজ সৰল ,হোজা প্ৰকৃতি ,মিঠা মিঠা মাত কথা বতৰা,কোনো দিনে  কোনো লোক,ছাত্ৰ ছাত্ৰীক টান কথা নোকোৱা,কোনো দিনে কাকো গালি গালাজ,দাবী,ধমকি আদি নিদিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে এতিয়া মহাবিদ্যালয়খন তেওঁৰ নিজা পৈতৃক সম্পত্তিৰ দৰে যধেমধে  ব্যৱহাৰ কৰি আহিছে ৷আৰু তেওঁৰ ইচ্ছা অনুসৰি যোৱা ১০ নবেম্বৰত মহাবিদ্যালয় পৰিচালনা সমিতিখন গঠন কৰিবলৈ  সক্ষম হৈছে ৷অধ্যক্ষ গৰাকীৰ এই কাৰ্য্যত মহাবিদ্যালয়ৰ ৩/৪সহকাৰী অধ্যাপক সকলে  সহায় সহযোগিতা কৰি থকা দেখিবলৈ পোৱা গৈছে ৷১জানুবাৰীৰ পৰা মহাবিদ্যালয়খন চৰকাৰী কৰণ হোৱাৰ পিছৰে অধ্যক্ষ গৰাকীৰ  দিনক দিনে স্বেচ্ছাচাৰীতা,অতপালি আদি তীব্ৰ গতিত বৃদ্ধি হবলৈ ধৰিছে ৷আনকি ক’ৰনা নামত অধ্যক্ষ গৰাকীয়ে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত সকলৰ লগতে বিশেষ ভাবে মহাবিদ্যালয়খনৰ লগত জড়িত থকা সকলকো  পৰিচালনা সমিতি গঠন কৰা সভালৈ ৰহস্য আৰু আশ্চৰ্যজনক আমন্ত্ৰণ কৰা নহল ৷আনকি  মহাবিদ্যালয় খন থকা ৭০নং মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক চৰণ বড়ো আৰু বিটিআৰৰ পাঁচনৈ চেৰফাং সমষ্টিৰ এম চি এল এ দিপক মৌৰকো মহাবিদ্যালয় পৰিচালনা সমিতি গঠন কৰা সভালৈ আমন্ত্ৰণ কৰা নহল ৷অধ্যক্ষই কেইজন বছা বছা লোক মাতি আনি এখন সাধাৰণ সভা বুলি দেখুবাই পৰিচালনা সমিতিখন অবৈধ বুলি সচেতন নাগৰিক সকলে অভিযোগ কৰিছে ৷

Leave A Reply