বিপিএফ, কংগ্ৰেছ আৰু এআই ইউডিএফ ৰাজনৈতিক মিত্ৰদলৰ বিধায়ক চৰণ বড়োৰ ৭০ নম্বৰ মাজবাট বিধানসভা সমষ্টিৰ এলেকাস্হ তথা বিটিআৰৰ ই এম নিলুৎ স্বৰ্গীয়াৰীৰ ৪০ নম্বৰ ৰৌতা সমষ্টিৰ অন্তৰ্গত ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলিৰ গাতে লাগি থকা বজ্ৰঝাৰ গাঁৱত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ৰবিন সেন আৰু সাবিত্ৰী সেনৰ একমাত্ৰ পুত্ৰ বিশ্বজিৎ সেন ওৰফে প্ৰতাপ সেন নামৰ এজন প্ৰায় ২০ বছৰীয়া দিব্যাংগ যুৱকে অৰ্থৰ অভাৱত পৰি মানসিক ৰোগত দিন কটাবলগীয়া হৈছে । কাৰণ ৰৌতা চাৰিআলি চহৰৰ ৰঞ্জু পণ্ডিত নামৰ এজন বাচন ব্যৱসায়ীৰ দোকানত কাম ,বন কৰি ২০২০ চনৰ ২৬ ডিচেম্বৰৰ নিশা নিজ ঘৰলৈ বিশ্বজিৎ সেনে আহি থকা অৱস্থাত ৰৌতা চাৰিআলিৰ ‘শ্ৰীশ্ৰী শনি মন্দিৰ’ৰ সম্মুখত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত তেজপুৰ অভিমুখৰ পৰা গুৱাহাটী অভিমুখে এএছ -০১ এম বি – ৬৮২৬ নম্বৰৰ বাইক এখনেৰে তীব্ৰ গতিত গৈ থকা আৰোহী দুজনে খুন্দা মাৰি থিতাতে সংকটজনক ভাৱে মুৰত আঘাতপ্ৰাপ্ত কৰি থৈ বাইকখন এৰি দুয়ো পলাই যোৱাৰ পাছত গাঁৱৰ ৰাইজে চিকিৎসালয়ত ভৰ্তি কৰি মুৰৰ অস্ত্ৰোপ্ৰচাৰ কৰায় আনি দিছিল । তথাপি অস্ত্ৰোপ্ৰচাৰৰ সময়ত টকাৰ নাটনি হোৱাত ৭০ বছৰীয়া বৃদ্ধ আইতাক বিনাৰানী সেনে নাতিয়েকক মৃত্যুৰ পৰা জীয়াই ৰখাৰ মোহত ঘৰ ভেতি বন্ধকত দিব লগা হোৱাত আজিও ঘৰ ভেতিখিনি বন্ধকতে আছে । কিন্তু এতিয়া পুনৰ আন এটি অস্ত্ৰোপ্ৰচাৰৰ প্ৰয়োজন হোৱা বুলি গুৱাহাটীৰ জি এন আৰ চি হাস্পতালৰ চিকিৎসকে পৰামৰ্শ আগবঢ়াছে । অৱশ্যে এই প্ৰয়োজনীয় মুৰৰ অস্ত্ৰোপ্ৰচাৰৰ কাৰণে আকৌ বিৰাট প্ৰয়োজন অৰ্থৰ । দিব্যাংগ যুৱকজনৰ পৰিয়ালে খুজি- মাগি আনি কোনোমতে দুবেলাৰ পেটৰ ভাতমুঠি যোগাৰ কৰা তথা কেতিয়াবা ভাতৰ অভাৱত লঘোনে থকা পৰিয়ালটোৰ বাবে চিকিৎসালয়ত অস্ত্ৰোপ্ৰচাৰৰ ব্যয় বহন কৰাটো বিৰাট আশ্বাৰ্য়জনক কথা হৈ পৰাত চকুৰে ধোঁৱা- কোঁৱা দেখি আছে । বাওঁ হাতখনত পাঁচটা আঙুলিৰ ঠাইত মাত্ৰ দুটা আঙুলিহে আছে বিশ্বজিৎ সেনৰ । পৰনিৰ্ভৰশীল পিতৃ ৰবিন সেন আৰু মাতৃ সাবিত্ৰী সেনৰ জৰাজীৰ্ণ প্লাষ্টিক পঁজাৰ চালি । গাঁওখনৰ একেবাৰে গৰিৱ পৰিয়ালটোই দিনতে আকাশৰ জোন, বেলি, তৰা দেখা পায় । তথাপি বিশ্বজিৎ সেনৰ দুৰ্ঘটনাটোৰ তদন্তৰ বাবে সেইসময়তে ৰৌতা আৰক্ষী থানাত এজাহাৰ এখনো দাখিল কৰা হৈছিল । দুৰ্ঘটনা সংঘটিত কৰি পলাই পতং দিয়া লোক দুজনৰ বাইকখনো আছে স্হানীয় আৰক্ষী থানাত ।এই হৃদয়বিদাৰক ঘটনাৰ কাহিনী থকা পৰিয়ালটোৱে আৱাসগৃহ , বৃদ্ধ পেঞ্চন অথবা আজিলৈকে কোনো ধৰণৰ চৰকাৰী সাহায্য পোৱা নাই । গতিকে অৰ্থৰ অভাৱত বিশ্বাজিৎ সেনৰ মাতৃ সাবিত্ৰী সেন আজি ৰৌতা অঞ্চলত পাগলি বুলি পৰিচিত । গতিকে আজি অসহায় পৰিয়ালটোৱে ল’ৰাজনৰ চিকিৎসাৰ বাবে চৰকাৰৰ পৰা আৰ্থিক সাহায্য বিচাৰি ৰৌতা শাখা এছ বি আইত থকা একাউন্টৰ ৭০৭৫০১০০৮৮৮২২ নম্বৰ আগবঢ়ায় দিছে দিব্যাংগ হৈয়ো পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰ বিশ্বজিৎ সেনক ৰাখিবলৈ জীয়াই ।

