Breaking

চিলাপথাৰত পুনৰ উদ্ধাৰ অচিনাক্ত মৃতদেহ

0 245

চিলাপথাৰত পুনৰ উদ্ধাৰ অচিনাক্ত মৃতদেহ ৷ পানীত ওপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য ।
চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথস্হিত চিলি ভগৱান চাৰিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে আজি পুৱাবেলা এটি অচিনাক্ত মৃতদেহ উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে ৷

ৰাইজে পুৱা মৃতদেহটো প্ৰত্যক্ষ কৰি ডিমৌ চাৰিআলি আৰক্ষী টহলদাৰীলৈ খৱৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ বাতৰি পৰিবেশন কৰা মুহুত্বলৈকে মৃতদেহ চিনাক্তকৰন হোৱা নাই ৷

ইপিনে যোৱা ১৭ মে’ত চিমেন নদীৰ পাৰত কোনো দুষ্কৃতিকাৰীয়ে এজন অচিনাক্ত লোকক হত্যা কৰি চিমেন নদীত পেলাই যোৱা ঘটনাৰ মাৰ নৌ যাওঁতেই অনুৰূপ ঘটনাই সমগ্ৰ অঞ্চলটোত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Leave A Reply