Breaking

১৯ বছৰ অনুৰ্ধ অসম মহিলা ক্ৰিকেট দলৰ অধিনায়ক বোকাখাতৰ অমন্তিকা মুণ্ডা…

0 97

উমা ছেত্ৰীৰ সাফল্যৰ পাছতে ক্ৰীড়াৰ ক্ষেত্ৰখনত বোকাখাতৰ বাবে পুনৰ এটা ভাল খবৰ ৷ এইবাৰ ৰাজ্যিক প্ৰেক্ষাপটত জিলিকিছে বোকাখাতৰ জীয়ৰীৰ নাম।

অসম ক্ৰিকেট সন্থাই বোকাখাতৰ অমন্তিকা মুণ্ডাক ১৯ বছৰ অনুৰ্ধ অসম মহিলা ক্ৰিকেট দলৰ অধিনায়কৰ দ্বায়িত্ব অৰ্পণ কৰিছে । অমন্তিকা বোকাখাত পৌৰসভাৰ অন্তৰ্গত ৭ নং ৱাৰ্ডৰ আনন্দপুৰ চাহ বাগিছাৰ ৰত্নেশ্বৰ মুণ্ডা আৰু জ্যোতি শইকীয়া মুণ্ডাৰ একমাত্ৰ কন্যা ।

অমন্তিকাৰ পূৰ্বে অসম মহিলা ছিনিয়ৰ ক্ৰিকেট দলৰ অধিনায়কৰ দায়িত্ব বৰ্তমান ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য বোকাখাতৰ উমা ছেত্ৰীয়ে লাভ কৰিছিল ৷

Leave A Reply