Breaking

৩ হাজাৰ কোটি ব্যয়ৰে অসম মালাৰ অধীনত ! ৰাজ্যত নিৰ্মাণ হব হাইস্পীড ইক’নমিক কৰিডৰ…

0 101

অসম মালা আঁচনিৰ অধীনত ৰাজ্যৰ ১ হাজাৰ কিলোমিটাৰ পথ হব হাই-স্পীড ইক’নমি কৰিডৰ। চৰকাৰে ইয়াৰ বাবে ব্যয় কৰিব ৩ হাজাৰ কোটি টকা। আজি অনুষ্ঠিত ৰাজ্যিক কেবিনেটে এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে চৰকাৰে ৯০ টা গ্ৰাম্য পথ আৰু ৪ খন দলঙৰ উন্নয়নৰ বাবে আৰ আই ডি এফ এক্স এক্স আই এক্স ৰ অধীনত ৯৫০ কোটি ৪৩ লাখ টকাৰ ঋণ লোৱাৰ এক সিদ্ধান্ত গ্ৰহন কৰে কেবিনেট বৈঠকে।

আজিৰ কেবিনেটে কৰ আয়ুক্তৰ অধীনত নতুন ভৱনৰ অতিৰিক্ত নিৰ্মাণৰ বাবে ১১ কোটি ১৯ লাখ টকাৰো অনুমোদন দিয়ে। আনহাতে ১০০ কোটি ৬১ লাখ টকাৰ প্ৰশাসনিক অনুমোদন ২০২৪ বৰ্ষৰ ৩১ মাৰ্চ পৰ্যন্ত পুনঃ বৈধকৰণ দিয়ে। একেদৰে কাজিৰঙাত ন্যায়িক অতিথিশালা নিৰ্মাণৰ বাবে ৭ বিঘা ২ কঠা ১০ লেচা ভূমিৰ আবন্টন দিয়ে আজিৰ কেবিনেটে।

উল্লেখযোগ্য যে আজিৰ কেবিনেটে আগন্তুক নবেম্বৰত তিনিচুকীয়া, ডিচেম্বৰত লক্ষীমপুৰ আৰু জানুৱাৰীত নগাঁৱত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠকত ৫ লাখ টকা ব্যয়ৰ ভিতৰত কৰিবলৈকো সিদ্ধান্ত গ্ৰহন কৰি কেবিনেটৰ বাবে অতিথিশালা আদি পুনৰ নিৰ্মাণ কৰাতো বাধা আৰোপ কৰা হয়। আজিৰ কেবিনেটে ছিপাঝাৰ পৌৰ সভাৰ বাবে পুঁজিৰ ব্যৱস্হাৰ সিদ্ধান্ত গ্ৰহন কৰে।

Leave A Reply