এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰে প্ৰতি মাহে(Unemployment Data)নিবনুৱাৰ পৰিসংখ্যা প্ৰকাশ কৰিব৷ এতিয়ালৈকে সেই পৰিসংখ্যা তিনি মাহৰ মূৰে মূৰে দিয়া হৈছিল৷ সোমবাৰে প্ৰশাসনৰ এজন বিষয়াই কয় যে ১৫ মে’ত প্ৰকাশ পাবলগীয়া পৰিসংখ্যাত জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ৰেকৰ্ড অন্তৰ্ভুক্ত কৰা হ’ব৷ তেতিয়াৰ পৰা সেই পৰিসংখ্যা প্ৰতি মাহে প্ৰকাশ পাব৷ পৰিসংখ্যা আৰু কাৰ্যসূচী মন্ত্ৰণালয়ৰ এজন বিষয়াই কয় যে, ‘আমি বছৰৰ প্ৰথম তিনি মাহৰ পৰিসংখ্যা ১৫ মে’ত প্ৰকাশ কৰিম৷’ আমি এই কাম প্ৰথমবাৰৰ বাবে কৰিছো৷’
কাকতলীয়াকৈ ক’বলৈ গ’লে আন বৃহৎ অৰ্থনীতিৰ দৰে ভাৰতত নিয়মীয়া [উচ্ছ কম্পাঙ্ক] নিবনুৱাৰ পৰিসংখ্যা সংগ্ৰহ কৰিব পৰা প্ৰযুক্তি নাই৷ এতিয়ালৈকে চৰকাৰে ত্ৰিমাসিক ভিত্তিত গ্ৰাম্য নিবনুৱাৰ পৰিসংখ্যা প্ৰদান কৰিছিল৷ সেই গ্ৰাম্য আৰু নগৰীয়া পৰিসংখ্যাসমূহ মিলি বছৰত এবাৰহে প্ৰকাশ কৰা হয়৷ বিষয়াগৰাকীয়ে কয় যে সকলো নথি পৰীক্ষণৰ পিছতহে পৰিসংখ্যা প্ৰকাশ কৰা হয়৷ কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী বিষয়াই জনোৱা মতে, এপ্ৰিল মাহৰ শেষৰ ফালে ব্যক্তিগত মূলধনী ব্যয়ৰ পৰিসংখ্যাও প্ৰকাশ কৰা হ’ব৷ অহা বছৰৰ পৰা সেৱা খণ্ডৰ সমীক্ষাৰ ফলাফলো প্ৰকাশ কৰিব কেন্দ্ৰীয় চৰকাৰে৷ অসংগঠিত খণ্ডতো জৰীপৰ পৰিসংখ্যা সংগ্ৰহৰ চেষ্টা চলাইছে কেন্দ্ৰই৷ গ্ৰামাঞ্চলত কৰ্মসংস্থাপনৰ পৰিসংখ্যাও ত্ৰিমাসিক ভিত্তিত প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সূত্ৰ অনুসৰি কেন্দ্ৰৰ এই পদক্ষেপ দেশত কৰ্মসংস্থাপন বৃদ্ধিৰ বাবে গ্ৰহণ কৰা হৈছে৷