Breaking

কোভিডে সলাই পেলোৱা শিক্ষা ব্যৱস্থা শিকাৰ ব্যৱধান ৰোধ কৰাৰ অৰ্থে প্ৰতিটি শিশুৰ বাবে ডিজিটেল শিক্ষণ নিশ্চিত কৰাৰ পোষকতা ইউনিচেফৰ…

0 61

কোভিডে সমগ্ৰ বিশ্বৰে শিক্ষা ব্যৱস্থাটোৰ ওপৰত প্ৰচণ্ড মাধমাৰ শোধাইছে। বিশেষকৈ স্কুলীয়া শিক্ষাৰ্থীসকল কোভিডৰ বাবে ঘোষণা কৰা লকডাউনৰ ফলত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে। কোভিড মহামাৰী আৰম্ভ হোৱাৰ পিছত অনলাইন শ্ৰেণীৰ এক নতুন ধাৰা গঢ় লৈ উঠে।

কেইবাটাও ৰাষ্ট্ৰীয় আৰু গোলকীয় প্ৰতিবেদনত শিকাৰ ব্যৱধান আৰু ডিজিটেল বিভাজনৰ বিষয়ত আলোকপাত কৰা হৈছে। ইউনিচেফে ২০২০ চনৰ প্ৰতিবেদনত বিদ্যালয়সমূহত ডিজিটেল শিক্ষাৰ ক্ষেত্ৰত বিশ্বব্যাপী দেখা দিয়া বাধাবোৰ চিহ্নিত কৰিছিল। সংস্থাটোৰ প্ৰতিবেদনত পৰকাশ পাইছিল যে যে দুই-তৃতীয়াংশ শিশুৱে বিশ্বব্যাপী অনলাইন শিক্ষা প্ৰাপ্ত কৰিব পৰা নাই। ২০২০ চনৰ ছেপ্টেম্বৰত প্ৰকাশিত ‘ডিজিটেল লাৰ্ণিং ফৰ এভৰী চাইল্ড: ক্লোজিং দ্য গেপছ ফৰ এ ইনক্লুচিভ এণ্ড প্ৰছপেৰাছ ফিউচাৰ’ শীৰ্ষক ইউনিচেফৰ প্ৰতিবেদনে ডিজিটেল বৈষম্যৰ ফলত হোৱা বৃহৎ শিক্ষণ ব্যৱধান দূৰ কৰাৰ উপায়বোৰ উল্লেখ কৰিছিল।

প্ৰতিবেদনত ডিজিটেল শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া বাধা বোৰৰ কথা উল্লেখ কৰা হৈছে।আৰম্ভণিতে, প্ৰতিবেদনখনত ব্যাখ্যা কৰা হৈছে যে ডিজিটেল বৈষম্যৰ অৰ্থ কেৱল মৌলিক সেৱা আৰু ইণ্টাৰনেটৰ অনুপলব্ধতাই নহয় । এনে ডিজিটেল বৈষম্য কেনেদৰে দূৰ কৰিব পাৰি আৰু ন্যায়সঙ্গত শিক্ষা নিশ্চিত কৰিব পাৰি সেই বিষয়ত ইউনিচেফে গুৰুত্ব দিছে। ইউনিচেফে দুখীয়া নেট ব্যৱহাৰকাৰীসকলৰ ওপৰত অধিক গুৰুত্ব দি বিদ্যুৎ আৰু ইণ্টাৰনেট সংযোগত অধিক ধন বিনিয়োগৰ পৰামৰ্শ দিছে।

সংস্থাটোৱে কৈছে যে জি-২০ সদস্য ৰাষ্ট্ৰ, বিভিন্ন দেশৰ চৰকাৰ আৰু ব্যক্তিগত খণ্ডবোৰে বিশ্বজুৰি লাখ লাখ বিদ্যুৎ তথা নেট সংযোগবিহীন শিশুক বিদ্যুৎ আৰু নেটৰ সংযোগ দিয়াটো নিশ্চিত কৰিবলৈ বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিব লাগিব। ইউনিচেফে লগতে কৈছে যে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে দূৰৱৰ্তী বিদ্যালয়সমূহলৈ ডিজিটেল সংযোগ ত্বৰান্বিত কৰিব লাগিব। এটা প্ৰতিষ্ঠানে কেৱল বিদ্যালয়সমূহতে নহয়, তেওঁলোকৰ চুবুৰীয়া পৰিয়ালবোৰলৈও বিদ্যুৎ আৰু নেট সংযোগ দিয়াটো নিশ্চিত কৰিলে সকলোৱে উপকৃত হ’ব।

Leave A Reply