Breaking

বৰপেটাৰ এছ বি আইৰ গ্ৰাহক সেৱা কেন্দ্ৰত অচিনাক্ত দুষ্কৃতিকাৰীৰ গুলীচালনা

0 66

বেংক ডকাইতিৰ এক চাঞ্চল্যকৰ কাণ্ড৷ বৃহস্পতিবাৰে বৰপেটাৰ শক্তি নগৰত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত দুজনীয়া ডকাইতৰ দলে লুটপাতৰ চেষ্টা চলাই।

সূত্ৰ অনুসৰি দুই অচিনাক্ত দুষ্কৃতিকাৰীয়ে ধন উলিয়াবলৈ এছ বি আইৰ গ্ৰাহক সেৱা কেন্দ্ৰত প্ৰৱেশ কৰিছিল যদিও ধন লুট কৰাৰ চেষ্টাত কেন্দ্ৰটোত গুলীচালনা কৰে।

সতৰ্ক স্থানীয় লোকে দুষ্কৃতিকাৰীক আক্ৰমণ কৰিবলৈ সক্ষম হয় আৰু এজনক ধৰিলে, আনহাতে আনজন পলায়ন কৰে। এই আক্ৰমণত গুৰুতৰভাৱে আহত দুষ্কৃতিকাৰীৰ এজনক ফজল আলী বুলি চিনাক্ত কৰা হৈছে।

এই গুলীচালনাৰ ঘটনাই সমগ্ৰ বৰপেটা ৰোডত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

কাষ্টমাৰ কেয়াৰ চেণ্টাৰৰ মালিক শ্বাহ আলম। শ্বাহ আলমে আন এজন সহযোগীৰ সৈতে কেন্দ্ৰটো বন্ধ কৰি থকাৰ সময়তে দুষ্কৃতিকাৰীয়ে প্ৰায় ৩ লাখ টকা লুটপাত কৰাৰ চেষ্টা চলায়।

অৱশ্যে শ্বাহ আলম আৰু তেওঁৰ সংগীয়ে সাহসেৰে ফজল আলী নামৰ দুষ্কৃতিকাৰীক ধৰিবলৈ সক্ষম হয়।
সহযোগীজনক গ্ৰেপ্তাৰ কৰাৰ কিছু সময়ৰ পাছতে আন এজন দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰি পালছাৰ বাইকত উঠি পলায়ন কৰে।
ইফালে বৰপেটা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

ধৃত দুষ্কৃতিকাৰীৰ এজনক প্ৰথমে বৰপেটা ৰোড এফ আৰ ইউত ভৰ্তি কৰোৱা হৈছে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।

বৰ্তমান বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে দুৰ্বৃত্তজন।

Leave A Reply