Breaking

অচিনাক্ত দুৰ্বৃত্তই ধৰ্ষণ কৰি ৰাজপথত পেলাই থলে ১৫ বছৰীয়া কিশোৰীক

0 111

দক্ষিণ কামৰূপৰ গৰৈমাৰীত জঘন্য ধৰ্ষণ কাণ্ড ৷ অচিনাক্ত দুৰ্বৃত্তই ধৰ্ষণ কৰি ৰাজপথত পেলাই থলে ১৫ বছৰীয়া কিশোৰীক ৷ গৰৈমাৰী আৰক্ষীৰ অনুসন্ধানত দৃৰ্বৃত্তৰূপী লম্পট ধৰ্ষণকাৰীৰ নাম আৰু মবাইল নম্বৰৰ সন্ধান লাভ কৰিছে যদিও বৰ্তমানলৈকে চিনাক্ত হোৱা নাই পাষণ্ডটোৰ প্ৰকৃত পৰিচয় ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ গৰৈমাৰী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

উল্লেখ্য যে গৰৈমাৰী বজাৰ এলেকাৰ হাতেম চৌধুৰী শিশু নিকেতনৰ ওচৰৰ গুমী-গৰৈমাৰী গড়কাপ্তানী পথৰ দাতিত মুমূৰ্ষ অৱস্থাত ৰাইজে উদ্ধাৰ কৰে কিশোৰী গৰাকীক ৷ পিছলৈ কিশোৰী গৰাকীক ততাতৈয়াকৈ গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও কিশোৰী গৰাকীৰ প্ৰচুৰ ৰক্তক্ষৰণ হোৱাত চিকিৎসকে কিশোৰী গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ গৰৈমাৰী আৰক্ষীয়ে লম্পট ধৰ্ষণকাৰীক চিনাক্ত কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে ৷

Leave A Reply