Breaking

গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যানত প্ৰযুক্তি ইনকুবেশ্যন কেন্দ্ৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত উদ্বোধন কৰিলে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে

0 1,151

গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যানত প্ৰযুক্তি ইনকুবেশ্যন কেন্দ্ৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত উদ্বোধন কৰিলে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।অসম জৈৱ প্ৰযুক্তি সন্মীলন-২০২২ মুকলি, ষ্টাৰ্ট আপ যাত্ৰা অসমৰ ফ্লেগ অফ্ কৰিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে। যুৱ উদ্ভাৱনী উদ্যোগী বঁটা আৰু ৰাজ্যিক বঁটা প্ৰদান,কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ কুইন ওজাৰ উপস্থিতত আমিনগাঁৱস্থিত গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যানৰ প্ৰযুক্তি ইনকুবেশ্যন কেন্দ্ৰ (Technology Incubation Centre) আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ উপৰি অসম জৈৱ প্ৰযুক্তি সন্মীলন-২০২২ আনুষ্ঠানিকভাৱে মুকলি কৰে। উক্ত অনুষ্ঠানতে তিনি গৰাকী যুৱ উদ্ভাৱকক যুৱ উদ্ভাৱনী উদ্যোগী বঁটা প্ৰদান কৰাৰ উপৰি ২০২০ আৰু ২০২১ বৰ্ষৰ ৰাজ্যিক বিজ্ঞান বঁটা প্ৰদান কৰা হয়।এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজিৰ দিনটোক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰবাবে এক গুৰুত্ব পূৰ্ণ দিন বুলি অভিহিত কৰে। কিয়নো আজিৰ দিনটোতে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চল গৱেষণা সন্মিলন অনুষ্ঠিত হোৱাৰ উপৰি গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যানত অসম জৈৱ প্ৰযুক্তি সন্মিলন অনুষ্ঠিত হৈছে।

জৈৱ প্ৰযুক্তি তথা জৈৱিক কৃষিৰ দিশত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ সম্ভাৱনীয়তা আছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীক বিশেষ ভাৱে ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০০৮ চনৰ জৈৱ প্ৰযুক্তি উদ্যানৰ সপোন আজি প্ৰযুক্তি ইনকুবেশ্যন কেন্দ্ৰ উদ্ধোধনৰ জৰিয়তে বাস্তৱায়িত হৈছে বুলি উল্লেখ কৰি ইয়াৰ জৰিয়তে অসমে জৈৱ প্ৰযুক্তিৰ ৰূপান্তৰৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰে।কামৰূপ জিলাৰ উপায়ুক্ত তথা গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যানৰ মুখ্য কাৰ্যবাহী বিষয়া কৈলাশ কাৰ্তিক এনে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ কুইন ওজা, ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীতাৰমনৰ উপৰি বহুসংখ্যক গণ্য-মান্য ব্যাক্তি ।


Leave A Reply